তিনিচুকীয়াত ’আদৰ্শ’ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

0 176

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ মাৰ্চ :IMG 20230320 WA0054 ৰাজ্যখনৰ ভিতৰতে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এক নামজ্বলা শিক্ষানুষ্ঠান তিনিচুকীয়াৰ তুলসীৰাম পথস্থিত ঐতিহ্যমণ্ডিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ ৪ জন প্ৰাক্তন ছাত্ৰৰ উপস্থিতিত বিশেষ কাৰ্যসূচীৰে পালন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট ব্যৱসায়ী দেবব্ৰত দহোতীয়াই ৷ বৃক্ষ ৰোপণ কৰে ইক’টুৰিজিমৰ ওপৰত কাম কৰি অহা আদৰ্শ প্ৰাথমিকৰ প্ৰাক্তন ছাত্ৰ তথা শদিয়া ইক’ কেম্পৰ স্বত্বাধিকাৰী প্ৰাঞ্জল প্ৰতীম দত্তই ৷ স্মৃতি তৰ্পণ অনুষ্ঠানৰ পাতনি মেলে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক চিন্ময় শৰ্মাই ৷IMG 20230320 WA0058 বিদ্যালয়খনৰ আন এজন প্ৰাক্তন ছাত্ৰ তথা অন্যতম সংগঠক ৰতনমণি চৌধুৰীয়ে কেওটা কাৰ্যসূচীতে সহযোগিতা আগবঢ়ায় ৷ ইয়াৰ পাছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত চাৰিও প্ৰাক্তন ছাত্ৰই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হোমেন বৰুৱাই আঁত ধৰা অনুষ্ঠানত কণকণ ছাত্ৰছাত্ৰীসকলৰ লেখাৰে সমৃদ্ধ ‘কুঁহিপাত’ শীৰ্ষক হাতেলিখা আলোচনীখনৰ ২০২২-২৩ বৰ্ষৰ তৃতীয় সংখ্যাটো উন্মোচন কৰা হয় ৷ প্ৰাক্তন ছাত্ৰ চিন্ময় শৰ্মাই আনুষ্ঠানিকভাৱে আলোচনীখন উন্মোচন কৰে ৷ বিদ্যালয়খনৰ ১২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণীয় নৃত্য, গীত আদি পৰিবেশন কৰে ৷ আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে অনুষ্ঠিত বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে প্ৰথম তিনিটা স্থানপ্ৰাপ্তসকলক মানপত্ৰ আৰু মেডেল প্ৰদান কৰি শুভেচ্ছা জনোৱা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলো উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More