তিনিচুকীয়াত আৰোহণ আচঁনিৰ শুভাৰম্ভ

মেন্টৰ আৰু মেন্টিসকলৰ মত-বিনিময় অনুষ্ঠান

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ মে’ :IMG 20230504 WA0099 তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত অসম চৰকাৰৰ কেবিনেটৰ নিৰ্দেশ মৰ্মে আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ উত্তৰণৰ বাবে দিয়া নিৰ্দেশ অনুসৰি ৰাজ্যপালৰ অধিসূচনা মৰ্মে আজি জিলাখনত আৰোহণ আচঁনিৰ শুভাৰম্ভ কৰা হয় ৷ তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপায়ুক্ত স্বপ্নীল পালে আৰোহণ আচঁনিৰ শুভাৰম্ভ কৰে ৷ আচঁনিখনৰ শুভাৰম্ভ কৰি উপায়ুক্তই ছাত্ৰ-ছাত্ৰীসকলক কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ পৰা বিচলিত নহৈ ধনাত্মক চিন্তাধাৰাৰে জীৱন যুঁজত আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায় ৷ অসম চৰকাৰৰ এই আচঁনিখনে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ পথ প্ৰদৰ্শনত যথেষ্ট উপকৃত কৰিব বুলি উল্লেখ কৰি উপায়ুক্তই প্ৰতিখন চৰকাৰী, প্ৰাদেশীকৃত বিদ্যালয়ৰ পৰা ২০২১-২২ শৈক্ষিক বৰ্ষত অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে জিলাখনৰ পৰা প্ৰথম নিৰ্বাচিত দল হিচাবে একোজন মেণ্টৰৰ প্ৰত্যক্ষ সহায় সমৰ্থনত নিজৰ শৈক্ষিক পাৰদৰ্শিতা বৃদ্ধিৰে জীৱনৰ লক্ষত আগুৱাই যাবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে । এই আঁচনিৰ অন্তৰ্গত সমগ্র শিক্ষা অসমৰ অধীনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একোজনকৈ মেণ্টৰ নিয়োগ কৰাৰ ব্যৱস্থা আছে ৷ দলটোত নিৰ্বাচিত মুঠ ১১০ গৰাকী ছাত্ৰ- ছাত্ৰীৰ বিপৰীতে ইতিমধ্যে ১১০ গৰাকী মেণ্টৰ বাচনি কৰা হৈছে যিসকলে ছাত্ৰ-ছাত্ৰীসকলক দ্বাদশ শ্ৰেণী পৰ্যন্ত বিভিন্ন দিশত দিহা-পৰামৰ্শ আগবঢ়াই যাব। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, অতিৰিক্ত উপায়ুক্ত পলাশ ৰাজকুমাৰ আহোম, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰনৰ সভাপতি কাজল গোহাঁই, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ট্ৰেইনিং আৰু প্লেচমেন্ট বিষয়া মনোজ তামুলী প্ৰমুখ্যে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More