তিনিচুকীয়াত গছপুলি ৰোপণ কৰি প্ৰতিপালনৰ দায়িত্ব ল’লে ডিচি আৰু আন বিষয়া-কৰ্মচাৰীয়ে

0 15
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৮ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা ’মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক গছপুলি ৰোপণ প্ৰকল্প’ৰ অধীনত আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কার্যালয় চৌহদত এক বৃক্ষৰোপণ কার্যসূচী গ্ৰহণ কৰা হয়। উপায়ুক্ত নৰসিং পৱাৰৰ লগতে জিলা প্ৰশাসনৰ সকলো উচ্চপদস্থ বিষয়া তথা উপায়ুক্তৰ কার্যালয়ৰ কৰ্মচাৰীসকলে এই বৃক্ষৰোপণ কার্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য যে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ অধীনত প্ৰতিটো চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয়, পৰিষদ, স্থানীয় নিগম-নিকায়, স্বায়ত্ত শাসিত পৰিষদ, পঞ্চায়তীৰাজ, প্ৰতিষ্ঠান পঞ্জীভুক্ত ছ’চাইটী আদিক সাঙুৰি লোৱা হ’ব । ১৫ আগষ্টলৈকে চলিবলগীয়া এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা, থলুৱা প্ৰজাতিৰ ফলমূল তথা ফুলৰ গছ, ঔষধি উদ্ভিদকে আদি কৰি অন্যান্য বিভিন্ন থলুৱা গছ-গছনিৰ সংৰক্ষণ, চৰকাৰী কার্যালয়সমূহৰ চৌহদৰ সৌন্দৰ্য্যবৰ্ধনৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গছ-গছনি ৰোপণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা। আনহাতে, এই প্ৰকল্পৰ অধীনত প্ৰতিটো চৰকাৰী কাৰ্যালয় তথা অন্যান্য চৰকাৰী প্ৰতিষ্ঠনসমূহত বিষয়া-কৰ্মচাৰীসকলে ৰোপণ কৰা গছপুলিৰ জিঅ’ টেগ কৰা ফটো www.shyamaleechouhad.assam.gov.in ৱেব পৰ্টেলত আপলোড কৰিব লাগিব। ইয়াৰোপৰি প্ৰতি ৬ মাহৰ মূৰে মূৰে ৩ বছৰলৈকে ওপৰত উল্লেখিত ৱেব পৰ্টেলত জিঅ’ টেগৰ সৈতে গছপুলিটোৰ ফটো আপলড কৰিব লাগিব। ইতিমধ্যেই এই প্ৰকল্পৰ অধীনত ৩৫ টা বিভিন্ন প্ৰজাতিৰ ফলমূল, ফুল তথা ঔষধি গছপুলি ৰোপণৰ বাবে নিৰ্ধাৰিত কৰি দিয়া হৈছে । আজিৰ কার্যসূচীত উপায়ুক্ত নৰসিং পৱাৰৰ লগতে তিনিচুকীয়া জিলা প্ৰশাসনৰ অন্যান্য বিষয়া, কৰ্মচাৰীসকলে একোটাকৈ গছপুলি ৰোপণ কৰি পুলিটোৰ প্ৰতিপালনৰ দায়িত্ব লয় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More