তিনিচুকীয়াত জুৱাৰীৰ আক্ৰমণত আহত আৰক্ষী : বাহন ক্ষতিগ্ৰস্ত

0 10

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৬ অক্টোবৰ : এফালে অবৈধ সুৰা, নিষিদ্ধ ড্ৰাগছৰ অবাধ পয়োভৰ আৰু আনফালে দুষ্কৃতিকাৰীৰ তাণ্ডৱ ৷ অৰাজক তিনিচুকীয়া বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত বুলি ক’লেও বঢ়াই কোৱা নহ’ব ৷ নিষেধাজ্ঞা উলংঘা কৰি আতচবাজীৰ বিকট শব্দই কঁপাই থকা তিনিচুকীয়া চহৰৰ মাজমজিয়াত সৌসিদিনা হাজাৰজনৰ চকুৰ সন্মুখত অনাঅসমীয়াৰ হাতত খোদ আৰক্ষী বিষয়া চূড়ান্তভাৱে অপদস্থ হোৱাৰ পাছত এইবাৰ দেৱালীৰ নিশা জুৱাৰীৰ আক্ৰমণৰ সন্মুখীন হ’ল আৰক্ষীৰ তহলদাৰী দ’ল ৷ জানিব পৰা মতে মঙ্গলবাৰে নিশা চান্দমাৰী চাহ বাগিচাৰ পথেৰে গৈ থকাৰ সময়তে গেলাপুখুৰী আৰক্ষী চকীৰ দলটোৰ ওপৰত দুষ্কৃতিকাৰীয়ে শিলাবৰ্ষণ কৰে ৷ ঘটনাটো সংঘটিত হয় চান্দমাৰী চাহ বাগিচাৰ খেৰলাইনৰ সমীপত বুলি প্ৰকাশ ৷ দুষ্কৃতিকাৰীৰ শিলাবৰ্ষণত নিয়মীয়া তহলত যোৱা গেলাপুখুৰী আৰক্ষী চকীৰ দলটোৰ বাহনখন ক্ষতিগ্ৰস্ত হয় ৷ গাড়ীৰ সন্মুখৰ আইনা ভাঙি দুষ্কৃতিকাৰীয়ে নিক্ষেপ কৰা শিলে গেলাপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন শইকীয়াৰ মূৰত আৰু গাড়ী চালক ধ্ৰুৱ শইকীয়াৰ হাতত আঘাত কৰাত দুয়োজন আৰক্ষীৰ লোক আহত হয় ৷ আৰক্ষীৰ দলটোক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুষ্কৃতিকাৰীয়ে ৷ ইফালে এই ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই জুৱাত ব্যৱহাৰ হোৱা ভালেসংখ্যক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কাকো আটক কৰা নাই ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More