তিনিচুকীয়াত ড্ৰাগছসহ ধৃত সৰবৰাহকাৰী

0 14

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২০ অক্টোবৰ : তিনিচুকীয়া আৰক্ষীয়ে আজি গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত এক অভিযান চলাই চহৰখনৰ পৰ্বতীয়া অঞ্চলৰ পৰা মনোজ মল্লিক (৩৫) নামৰ এজন ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ সন্দেহত আটক কৰে । ধৃত সৰবৰাহকাৰী মল্লিকৰ পৰা অভিযানকাৰী আৰক্ষীয়ে প্ৰায় ১৬.৫ গ্ৰাম সন্দেহজনক ড্ৰাগছসহ নগদ ১২,৫০০ টকা, সোণ আৰু ৰূপৰ দুডাল চেইন জব্দ কৰে । ড্ৰাগছ ক্ৰয় কৰাৰ বিনিময়ত কোনো লোকে সৰবৰাহকাৰী মল্লিকক সোণ আৰু ৰূপৰ চেইন দুডাল দিয়া বুলি সন্দেহ কৰা হৈছে । সম্প্ৰতি তিনিচুকীয়া সদৰ আৰক্ষীয়ে ধৃত মল্লিকক অধিক তথ্যৰ বাবে জেৰা চলাই আছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More