তিনিচুকীয়াত দৈনিক প্ৰায় ৫০ হাজাৰ নেমু নষ্ট

 থলুৱাভাৱে উৎপাদিত কাজি নেমু ব্যৱহাৰৰ আহ্বান তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰীৰ

0 20

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশত নিৰ্মিত তথা থলুৱাভাৱে উৎপাদিত গুণগত মানসম্পন্ন সামগ্ৰীক বজাৰমুখী কৰি গ্ৰাম্য অৰ্থনীতিৰ লগতে সামগ্ৰিকভাৱে ৰাজ্য আৰু দেশৰ অৰ্থনৈতিক বিকাশ তৰান্বিত কৰাৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিছে যদিও চৰকাৰৰ এনে পদক্ষেপত হেঙাৰ হৈ থিয় দিছে একাংশ লোকৰ মানসিকতা ৷ উল্লেখ্য যে ৰাজ্যৰ তিনিচুকীয়া অঞ্চল হৈছে ’আছাম লেমন’ অৰ্থাৎ কাজি নেমু বা ইলাচি নেমুৰ বাবে বিখ্যাত ৷ কিয়নো এই অঞ্চলত পৰ্যাপ্ত পৰিমাণে উৎকৃষ্ট নেমুৰ উৎপাদন হয় ৷ কিন্তু বজাৰৰ অভাৱত দৈনিক বৃহৎ পৰিমাণৰ নেমু নষ্ট হৈ যায় ৷ এইক্ষেত্ৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কু্মাৰ দাসে ৷ আজি এক বিবৃতিত মন্ত্ৰী দাসে উদ্বেগ প্ৰকাশ কৰি কয় যে তেওঁ জানিব পৰা মতে যথোপযুক্ত বজাৰৰ অভাৱত প্ৰতিদিনে প্ৰায় ৫০ হাজাৰ নেমু পকি যায় অথবা ব্যৱহাৰৰ অনুপযোগী হৈ পৰে৷ কৃষকসকলে নেমু বাহিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে যদিও সেয়া সঠিক ৰূপত ফলপ্ৰসূ হৈ উঠা নাই ৷ কিন্তু ইয়াৰ বিপৰীত ছবি এখনহে তিনিচুকীয়াৰ হোটেল ব্যৱসায় সমূহত দেখা পোৱা বুলি মন্ত্ৰী দাসে উল্লেখ কৰে ৷ তেওঁ কয় যে এই হোটেল সমূহত বহিৰাজ্যৰ পৰা অহা সৰু সৰু গোল নেমু ব্যৱহাৰ কৰি আহিছে ৷ যাৰফলত আমাৰ থলুৱাভাৱে উৎপাদিত কাজি নেমুৱে সেই স্থান ল’ব পৰা নাই ৷ সেয়েহে অভিভাৱক মন্ত্ৰী হিচাবে সমগ্ৰ তিনিচুকীয়া অঞ্চলৰ হোটেল, ৰেষ্টুৰেণ্টৰ লগতে স্থানীয় দল-সংগঠন আৰু ৰাইজক এই সন্দৰ্ভত কিছু চিন্তা-চৰ্চা কৰি বাহিৰৰ গোল নেমুৰ পৰিৱৰ্তে স্থানীয় কাজি নেমু বা ইলাচি নেমুৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷ মন্ত্ৰী দাসে কয় যে এইক্ষেত্ৰত ৰাইজে সঁহাৰি জনালে কিছু পৰিমাণে হ’লেও এক সমাধানৰ পথ বাহিৰ হ’ব ৷ আনহাতে থলুৱাভাৱে উৎপাদিত এই উৎকৃষ্ট নেমুৰ পৰা চৰ্বত আদি প্ৰস্তুত কৰি বজাৰলৈ নিয়াৰ কেনে সম্ভাৱনীয়তা আছে তাৰ ওপৰতো তেওঁ সক্ৰিয়ভাৱে বিবেচনা কৰা বুলি তিনিচুকীয়াৰ অভিভাৱক মন্ত্ৰীজনে উল্লেখ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More