তিনিচুকীয়াত নিশা শতাধিক কয়লাৰ ট্ৰাক আবদ্ধ কৰিলে যুৱকৰ দলে

আৰক্ষীৰে তীব্ৰ বাকবিতণ্ডা

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২০ জানুৱাৰী : বিভিন্ন পক্ষক ধনবলেৰে মেনেজ কৰি তিনিচুকীয়া জিলা প্ৰশাসনৰ নাকৰ তলেৰে মাৰ্ঘেৰিটাৰ পৰা দৈনিক শ শ ট্ৰাক চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ পাছতো আৰক্ষী তথা বন বিভাগে চকু মুদা কুলিৰ ভাও গ্ৰহণ কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা মাকুম বাইপাছত মাৰ্ঘেৰিটাৰ পৰা অহা শতাধিক কয়লা পৰিবাহী ট্ৰাক আবদ্ধ কৰে একাংশ যুৱকে ৷ চোৰাং কয়লা সৰবৰাহৰ অভিযোগত ট্ৰাকসমূহ আবদ্ধ কৰা যুৱকৰ দলটোত একাংশ প্ৰাক্তন আলফা সদস্যও আছিল ৷ ইফালে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পাছত উক্ত স্থানত উপস্থিত হয় মাকুম আৰক্ষীৰ দল ৷ ট্ৰাকসমূহ আবদ্ধ কৰা যুৱকৰ দলটোৰ একাংশ আৰক্ষীৰ সৈতে তীব্ৰ বাকবিতণ্ডাত লিপ্ত হয় ৷ আৰক্ষীয়ে ইয়াৰে এজন যুৱকক কৰায়ত্ত কৰি থানালৈ আনে ৷ অৱশ্যে পৰিস্থিতিয়ে অধিক জটিল ৰূপ লোৱাৰ পূৰ্বেই আৰক্ষীৰ হস্তক্ষেপত নিয়ন্ত্ৰণলৈ আহে । মাকুম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে আবদ্ধ ট্ৰাকসমূহৰ নথিপত্ৰ পৰীক্ষা কৰাৰ অন্তত যাবলৈ দিয়া হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More