তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত ১ আহত ৩

আৰক্ষীৰ সন্মুখতে উত্তেজিত ৰাইজে জ্বলালে দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্‌ট গাড়ী

0 23

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : ভোগালীৰ আনন্দৰ মাজতে তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে এ এছ ০৬ জেদ ৬২০০ নম্বৰৰ এখন তীব্ৰবেগী ছুইফ্‌ট গাড়ীয়ে বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী অ’টত প্ৰচণ্ড খুন্দা মৰাৰ ফলত অ’ট চালকজন ঘটনাস্থলীতে মৃত্যুমুখত পৰাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হয় ৷ দুৰ্ঘটনাৰ পাছতে ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত ৰাইজে গুইজান-তিনিচুকীয়া পথ অৱৰোধ কৰি আৰক্ষীৰ সন্মুখতে ছুইফ্‌ট গাড়ীখন জ্বলাই দিয়ে ৷ অৱশ্যে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পূৰ্বেই আৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়৷ দুৰ্ঘটনাত আহতসকলক তৎকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্‌ট বাহনখনৰ আৰোহীকেইজনক আৰক্ষীয়ে ৰাইজৰ ৰোষৰ বলি হোৱাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা আঁতৰাই নিয়ে ৷ অৱশ্যে অঞ্চলটোত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More