তিনিচুকীয়াত বাইক চোৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ পুৰস্কাৰ ঘোষণা কৰিলে ভুক্তভুগীয়ে

0 18

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ ডিচেম্বৰ : আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই তিনিচুকীয়াত সঘনাই সংঘটিত হবলৈ ধৰিছে চুৰি, ডকাইতিৰ ঘটনা ৷ চোৰৰ তাণ্ডৱত অতিষ্ঠ হৈ ভুক্তভোগী ব্যক্তিয়ে ঘোষণা কৰিবলৈ বাধ্য হৈছে চোৰৰ সন্ধান দিওঁতালৈ বৃহৎ পৰিমাণৰ নগদ ধনৰ পুৰস্কাৰ ৷ তিনিচুকীয়া চহৰৰ হিজুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত কাপ্তানচুক গাঁৱত ২৬ নৱেম্বৰত সংঘটিত হৈছিল এটা চাঞ্চ্যলকৰ বাইক চুৰিৰ ঘটনা ৷ কাপ্তানচুক গাঁৱৰ বাসিন্দা ৰমানন্দ বাঢ়ৈ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা নিশা চুৰি হয় এখন নতুনকৈ ক্ৰয় কৰা ৰয়েল এনফিল্ড মটৰচাইকেল৷ উল্লেখযোগ্য যে চুৰি হোৱা মটৰচাইকেলখন কিনা এমাহো হোৱা নাছিল ৷ হেপাঁহত ক্ৰয় কৰা নতুন বাইকখন চুৰি হোৱাত যথেষ্ট মনোকষ্টত ভুগিছে ৰমানন্দ বাঢ়ৈয়ে । ৰয়েল এনফিল্ড বাইকখনৰ মডেল নিউ ক্লাচিক ৩৫০ ৷ বাইকখনৰ ৰং হৈছে ডেজাৰত ছেন্দ, ইঞ্জিন নম্বৰ হৈছে J3A5FKN2424722 আৰু চেছিছ নম্বৰ হ’ল ME3J3C5FKN2010662 ৷ ৰমানন্দ বাঢ়ৈয়ে এই চুৰিকাণ্ডৰ বিষয়ে ইতিমধ্যে হিজুগুৰি আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে ৷ কিন্তু ইয়াতে সন্তুষ্ট তেওঁ চুৰি হোৱা ৰয়েল এনফিল্ড বাইকখনৰ খবৰ দিব পৰাজনলৈ ঘোষণা কৰিছে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ৷ কোনো লোকে এই বিষয়ে খবৰ পালে ৯৯৫৪০৬৯০৩৯ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More