তিনিচুকীয়াত বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন

0 22

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত তথা সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ২৮৭ সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস ৷ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই ৷ স্মৃতি তৰ্পণ কৰে অসম মৰাণ সভাৰ সম্পাদক দুৰ্লভ গোহাঁয়ে ৷ অনুষ্ঠানৰ আৰম্ভণিতে ৰুণু মৰাণৰ পৰিচালনাত ৰাঘৱ মৰাণ দিৱসৰ লগত সংগতি ৰাখি এটি সমবেত সংগীত পৰিৱেশন কৰা হয় ৷ আনহাতে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে অসম মৰাণ সভাৰ সম্পাদক দুৰ্লভ গোহাঁয়ে ৷ উল্লেখ্য, মুকলি সভাৰ পূৰ্বে বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰাপক প্ৰয়াত সুখীধৰ দহোটীয়াৰ বিদেহ আত্মাৰ সদগতি অৰ্থে মৌন প্ৰাৰ্থনা কৰা হয় ৷ উক্ত সভাত উপস্থিত থাকে মৰাণ সাহিত্য সভাৰ সভাপতি হৰকান্ত মৰাণ, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই, বিশিষ্ট লেখক তথা বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়া, তিনিচুকীয়া কংগ্ৰেছ কমিটিৰ উপ-সভাপতি প্ৰণৱ বৰুৱা, বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সমৰজিত শইকীয়া, অসম চৰকাৰৰ পশুধন নিগমৰ সঞ্চালক জ্যোতিমণি মৰাণ, মটক সন্মিলনৰ সভাপতি, মটক ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল ৷ সভাত বীৰ ৰাঘৱ মৰাণক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে বিস্তৃত আলোচনা কৰা হয় ৷ মুকলি সভাত অসম মৰাণ সভাৰ তৰফৰ পৰা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি তথা তিনিচুকীয়াৰ বিশিষ্ট সমাজকৰ্মী প্ৰণৱ বৰুৱাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ আনহাতে মুকলি সভাত ’বীৰ ৰাঘৱ’ নামৰ এখন স্মৃতিগ্ৰন্থৰো উন্মোচন কৰা হয় ৷ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More