তিনিচুকীয়াত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি চাকৰি লাভ

0 24

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ নৱেম্বৰ : নিবিড় কাকতি নামৰ এজন যুৱকে ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি তিনিচুকীয়া মহাবিদ্যালয়ত কণিষ্ঠ সহায়কৰ চাকৰি লাভ কৰা বুলি উত্থাপিত অভিযোগ জিলা প্ৰশাসনৰ তদন্তত সত্য প্ৰমাণিত হৈছে ৷ নিবিড় কাকতিয়ে অনুসূচীত জাতিৰ ভুৱা প্ৰমাণ-পত্ৰৰে উক্ত চাকৰি পোৱা বুলি অভিযোগ উঠিছিল । উল্লেখ্য, তিনিচুকীয়া মহাবিদ্যালয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত চতুৰ্থ বৰ্গৰ পদৰ লগতে কেইবাটাও কণিষ্ঠ সহায়কৰ (গ্ৰেড-৩) পদৰ বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল । ইয়াৰে এটা কণিষ্ঠ সহায়কৰ পদ আছিল অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত । সাক্ষাৎকাৰৰ অন্তত উক্ত সংৰক্ষিত পদটোৰ বিপৰীতে নিবিড় কাকতিয়ে নিযুক্তি লাভ কৰে । কিন্তু যুৱকজনে অনুসূচীত জাতিৰ ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি চাকৰি লাভ কৰা বুলি ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে প্ৰশাসনক অভিযোগ দিয়ে । অভিযোগ অনুসৰি নিবিড় কাকতিয়ে তিনিচুকীয়া মহাবিদ্যালয় কৰ্তৃপক্ষক যিখন অনুসূচীত জাতিৰ প্ৰমাণ-পত্ৰ দাখিল কৰিছিল সেইখন সম্পূৰ্ণ ভুৱা । বিগত ২২-০৬-২০০৮ তাৰিখে অনুমোদিত প্ৰমাণ-পত্ৰখন প্ৰদান কৰিছিল মাৰ্ঘেৰিটা জিলা (সাংগঠনিক) অনুসূচীত জাতি পৰিষদৰ সভাপতি মিঠুৰাম ৰজ্জকে । মাৰ্ঘেৰিটা মহকুমাৰ লিডু হিলভিউৰ বাসিন্দা বুলি ভুৱা তথ্য দাখিলেৰে নিবিড় কাকতিয়ে জাতিগত প্ৰমাণ-পত্ৰ লাভ কৰে যদিও সেই ঠিকনাৰ বিপৰীতে ভোটাৰ তালিকাত নিবিড় তথা তেওঁলোকৰ পৰিয়ালৰ নাম নাই বুলি তদন্তত পোহৰলৈ আহে। অভিযোগ অনুসৰি ভুৱা অনুসূচীত জাতিৰ প্ৰমাণ-পত্ৰ বাহিৰ কৰি এতিয়াও বহুজনে ৰাজ্য চৰকাৰৰ চাকৰিৰ লগতে বেংকিং খণ্ড, অইল ইণ্ডিয়া, ৰে’ল বিভাগ আৰু বিভিন্ন নিগম-নিকায়ত চাকৰি কৰি আছে । জানিব পৰা মতে তিনিচুকীয়া মহাবিদ্যালয়ত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দাখিল কৰি কণিষ্ঠ সহায়কৰ চাকৰি লাভ কৰা নিবিড় কাকতিক অনুসূচীত জাতিৰ জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰা অনুসূচীত জাতি পৰিষদৰ সভাপতি মিঠুৰাম ৰজকে ৩০ আগষ্টত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিলৈ এক পত্ৰ প্ৰেৰণ কৰি নিবিড় কাকতিৰ জাতিগত প্ৰমাণ-পত্ৰ বাতিল কৰিবলৈ অনুৰোধ জনাইছিল। পত্ৰত নিবিড় কাকতি অনুসূচীত জাতিৰ লোক নহয় বুলিও ৰজকে স্পষ্ট কৰি দিছিল । কাকতিয়ে ভুৱা তথ্য-পাতিৰে অনুসূচীত জাতিৰ জাতিগত প্ৰমাণ-পত্ৰ হস্তগত কৰা বুলি মিঠুৰাম ৰজকে দাবী কৰিছিল। আনফালে তিনিচুকীয়া মহাবিদ্যালয়ত কণিষ্ঠ সহায়ক নিযুক্তিক লৈ সংঘটিত কেলেংকাৰী পোহৰলৈ অনা অনুসূচীত জাতি মৰ্চাৰ জিলা সভাপতি ধ্ৰুৱজ্যোতি দাসে ২৮ আগষ্টত এই সন্দৰ্ভত তদন্ত কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনক অভিযোগ দাখিল কৰে । শেহতীয়াকৈ প্ৰশাসনৰ তদন্তত নিবিড় কাকতি অনুসূচীত জাতিৰ লোক নহয় বুলি স্পষ্ট হয় । এনে পৰিস্থিতিত তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে নিবিড় কাকতিৰ নিযুক্তি বাতিল কৰিবলৈ তিনিচুকীয়া মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া বুলি জানিব পৰা হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More