তিনিচুকীয়াত মাজনিশা সন্দেহজনক গাড়ীলৈ গুলীচালনা

0 15

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ সময়ত আলফাই কূটাঘাতমূলক কাৰ্য্য সংঘটিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে স্পৰ্শকাতৰ ৰূপে চিহ্নিত তিনিচুকীয়া জিলাত কঠোৰ নিৰাপত্তা বেহু গঢ়ি তোলাৰ সময়তে যোৱা নিশা এখন কলা ৰঙৰ এছ ইউ ভি বাহনক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জানিব পৰা মতে মাজনিশা আৰক্ষীৰ নাকা চেকিঙত এখন কলা ৰঙৰ এছ ইউ ভি গাড়ীক ৰবলৈ ইংগিত দিয়া হৈছিল যদিও গাড়ীখনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিত তিনিচুকীয়া নগৰৰ পৰা বৰগুৰি অভিমুখে পলায়ন কৰে ৷ উপায়ন্তৰ হৈ আৰক্ষীয়ে ২ জাঁই গুলীচালনা কৰি গাড়ীখন ৰখোৱাৰ চেষ্টা কৰে যদিও সন্দেহজনক গাড়ীখন পলাই যাবলৈ সক্ষম হয় ৷ এতিয়া উক্ত গাড়ীখনৰ সন্ধানত নামি পৰিছে তিনিচুকীয়া আৰক্ষী ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More