তিনিচুকীয়াত মেট্ৰিক পৰীক্ষাৰ্থী আত্মহনন

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ মাৰ্চ : আজি পুৱাই এক হৃদয়বিদাৰক ঘটনাই জোকাৰি যায় তিনিচুকীয়াৰ লেজাইহোলা গাঁও ৷ গাঁওখনৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে ঘৰতে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ গাওঁখনত শোকৰ ছাঁ পেলায় ৷ উল্লেখ্য যে আজি পুৱাহে পৰিয়ালৰ লোকে গাধোৱা ঘৰৰ পৰা মৃত অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰে ৷ তিনিচুকীয়া লেজাইহোলাৰ বাসিন্দা দত্ত উপাধিৰ কিশোৰী গৰাকী স্থানীয় সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জনৈক পাপু বৰা নামৰ যুৱক এজনৰ লগত কালি বিয়লি কিশোৰী গৰাকী ওলাই গৈছিল আৰু নিশাহে ঘৰলৈ উভতি আহে ৷ আনহাতে আজি পুৱা গাধোৱা ঘৰৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হয় কিশোৰী গৰাকী ৷ উক্ত যুৱকজনে দীৰ্ঘদিনৰ পৰা কিশোৰী গৰাকীক মানসিক নিৰ্যাতনৰ বলি কৰি অহা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে ৷ ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰ তৰফৰ পৰা আৰক্ষীক অভিযোগ দাখিল কৰা হৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More