তিনিচুকীয়াত শিক্ষাব্ৰতী কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠান

0 68

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২২ অক্টোবৰ : তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰৰ সহযোগত আজি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত কুতুবউদ্দীন আহমদৰ জন্ম শতবৰ্ষ সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় ৷ সাহিত্য-সংস্কৃতি, ক্ৰীড়া তথা সামাজিক উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা শিক্ষাব্ৰতী প্ৰয়াত কুতুবউদ্দীন আহমদক জন্ম শতবৰ্ষত সোঁৱৰণ কৰাৰ অৰ্থে স্থানীয় গোলাপচন্দ্ৰ-ৰবিচন্দ্ৰ নাট্যমন্দিৰত আয়োজিত এই বক্তৃতানুষ্ঠানত বক্তৃতাৰ বিষয় আছিল ’বৰ্তমান শিক্ষা ব্যৱস্থা আৰু সমাজ’ ৷ সাম্প্ৰতিক সময়ৰ নিতান্তই এক জ্বলন্ত বিষয়ত অনুষ্ঠিত বক্তৃতানুষ্ঠানত বক্তাৰূপে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, শিক্ষাবিদ তথা সাম্প্ৰতিক শিক্ষা ব্যৱস্থাৰ বস্তুনিষ্ঠ সমালোচক ড° দীনেশ বৈশ্য উপস্থিত থকাৰ কথা আছিল যদিও তেখেত হঠাতে অসুস্থ হৈ পৰাত আজিৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ সেইবাবে তেখেতে প্ৰেৰণ কৰা বক্তৃতা অনুষ্ঠানত পাঠ কৰে বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সম্পাদক পূৰ্ণ কাকতিয়ে ৷ ইয়াৰোপৰি ড° বৈশ্যৰ বক্তৃতা ছপা আকাৰে উপস্থিত ৰাইজৰ মাজত বিতৰণ কৰা হয় ৷ উল্লেখ্য যে তিনিচুকীয়াৰ এই সৰ্বজন সন্মানীয় সৰলমনা ব্যক্তি, অভিনেতা, নাট্যকাৰ, ক্ৰীড়াবিদ, ’তথ্যজ্যোতি’ উপাধিৰে বিভূষিত অতীত তিনিচুকীয়াবিদ, কবি, গীতিকাৰ, প্ৰাবন্ধিক, সু-বক্তা তথা আজীৱন শিক্ষাব্ৰতী প্ৰয়াত কুতুবউদ্দীন আহমদৰ জীৱনধাৰা প্ৰতিফলিত কৰিব পৰাকৈ বিভিন্নজনৰ তথ্যসমৃদ্ধ লেখাৰে সমৃদ্ধ এখনি স্মৰণিকা প্ৰবীন শিক্ষাবিদ পূৰ্ণানন্দ বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰা হয় । আজিৰ অনুষ্ঠানত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাপতি ড° জ্যোতিপ্ৰসাদ চলিহা, উপ-সভাপতি অমূল্য খাটনিয়াৰ, সম্পাদক পূৰ্ণ কাকতি প্ৰমুখ্যে বিষয়ববীয়াসকলৰ উপৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More