তিনিচুকীয়াত সংঘটিত ২ টা এনকাউন্টাৰ ঘটনাৰ তদন্ত ঘোষণা

0 43

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৩ জুলাই : তিনিচুকীয়া আৰক্ষী থানাৰ অধীনত সংঘটিত দুটা ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা প্ৰশাসনে । তিনিচুকীয়াৰ উপায়ুক্তই তদন্তৰ নিৰ্দেশ দিয়া ড্ৰাগছ সংক্ৰান্তীয় এনকাউন্টাৰৰ ঘটনা দুটাৰ এটা সংঘটিত হৈছিল বিগত বৰ্ষৰ ২৪ নৱেম্বৰত আৰু আনটো সংঘটিত হৈছিল চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীত । উল্লেখ্য যে বিগত বৰ্ষৰ ২৪ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৫.১৫ বজাত নিৰ্দিষ্ট তথ্যৰ ভিত্তিত তালাচী চলাই থকা আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ী চলাই উধাও হোৱাৰ চেষ্টা চলোৱাৰ অভিযোগত তিনিচুকীয়াৰ বাইপাছত আৰক্ষীৰ গুলীত আহত হৈছিল নাগালেণ্ডৰ অমৰ দাস(৩৪) আৰু অবেন নুলী(৩৩) নামৰ দু‌ই ব্যক্তি । ব্যক্তিদ্বয়ৰ বাহনখনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছো জব্দ কৰিছিল । আনহাতে চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰত পুনৰ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীৰ গুলীত আহত হৈছিল তিনিচুকীয়াৰ হিজুগুৰীৰ বিপ্লৱ চক্ৰৱৰ্তী(৩৮) নামৰ এজন লোক । দুয়োটা এনকাউণ্টাৰৰ ঘটনাই এন ডি পি এছ এক্টৰ ২১(বি)/২৯ ধাৰাত তিনিচুকীয়াৰ সদৰ থানাত ৰুজু হোৱা ১৮৫৪/২০২১ নং গোচৰ সংক্ৰান্তীয় । দুয়োটা ঘটনাৰ তদন্তৰ বাবে কাৰ্য্যবাহী দণ্ডাধীশ নিলাক্ষী ভূঞাক দায়িত্ব প্ৰদান কৰা হৈছে । এই সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী, ইচ্ছুক ব্যক্তি বা ঘটনাৰ বিষয়ে অৱগত সকলক অহা ১৯ জুলাইত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়স্থিত তদন্তকাৰী বিষয়াৰ কক্ষত জবানবন্দী প্ৰদান কৰিবলৈ তদন্তকাৰী বিষয়াই আহ্বান জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More