তিনিচুকীয়াৰ আদালতত নিষিদ্ধ হ’ল গোটকা, ধপাত, চিগাৰেট, তামোলপাণ

0 15

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১১ অক্টোবৰ : জনস্বাস্থ্যৰ সুৰক্ষা তথা জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু আদালত চৌহদৰ চাফচাফচিকুণতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে ফৌজদাৰী কাৰ্য্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ উপায়ুক্ত কাৰ্য্যালয় তথা জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত গোটকা, ধপাত, চিগাৰেট আৰু তামোল-পাণৰ সেৱন নিষিদ্ধ কৰিছে ৷ ইয়াৰোপৰি নিষিদ্ধ একক ব্যৱহাৰ্য্য প্লাষ্টিকৰ ব্যৱহাৰ, কাৰ্যালয় চৌহদত আৱৰ্জনা পেলোৱা আৰু মুকলি ঠাইত প্ৰস্ৰাৱ কৰা সন্দৰ্ভত সঘনাই দাখিল কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত কাৰ্য্যালয় তথা জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত আৱৰ্জনা পেলোৱা, মুকলি ঠাইত প্ৰস্ৰাৱ কৰা আৰু একক ব্যৱহাৰ্য্য প্লাষ্টিকৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ এই নিষেধাজ্ঞা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত বাহাল থাকিব ৷ কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More