তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত আছা, আওপাৰ উত্তাল প্ৰতিবাদ

মন্ত্ৰী সঞ্জয় কিষাণ বিধায়ক ৰূপেশ গোৱালাক কঠোৰ সকীয়নি

0 39

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ এপ্ৰিল : তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক যোৱা ২০ মাৰ্চত এজন পঞ্চাছউৰ্ধৰ ব্যক্তিয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি ২১ মাৰ্চত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে আজিপৰ্যন্ত ধৰ্ষণত জড়িত থকা বুলি দাবী কৰা সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত প্ৰতিবাদত আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) আৰু সদৌ অসম আদিবাসী মহিলা শক্তিৰ (আওপা) তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বহু সংখ্যক যুৱক-যুৱতী, পুৰুষ-মহিলাই তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে তেওঁলোকৰ দাবী সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ বিক্ষোভ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তপ্ত কৰি তোলে ৷ অভিযোগ অনুসৰি তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত কাটানি গাঁওৰ সমুন্দ্ৰে ৰায়ে (৫৩)  ২০ মাৰ্চত এগৰাকী নাবালিকাক ভয়-ভাবুকি দি বলপূৰ্বক ধৰ্ষণ কৰা বুলি যোৱা ২১ মাৰ্চত পৰিয়লবৰ্গই বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল । কিন্তু আজি অতদিনে বৰডুবি আৰক্ষীয়ে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি অভিযোগ উঠিছে ৷ ইয়াৰ বিৰুদ্ধে আজি আছা আৰু আওপাৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগীক ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ দাবী জনায় ৷ ইয়াৰোপৰি জীয়েকে ন্যায় নোপোৱাত মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ পথ গ্ৰহণ কৰা ভুক্তভোগীৰ মাতৃ বুধিনি প্ৰজাক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান আৰু ৯ মাৰ্চত তালাপ থানাৰ অন্তৰ্গত ১ নং মিচিমিকটাত হত্যাৰ বলি হোৱা চুকু প্ৰজাক ২০ লাখৰ ক্ষতিপূৰণ প্ৰদানৰো দাবী জনোৱা হয় ৷ প্ৰতিবাদস্থলীৰ পৰা আছা আৰু আওপাৰ তিনিচুকীয়া জিলা সমিতিয়ে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি মন্ত্ৰী, বিধায়কৰ গাদী দখল কৰা তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণ আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাকো তেওঁলোকৰ অকৰ্মণ্যতাৰ বাবে কঠোৰভাৱে সকীয়াই দিয়ে ৷ তেওঁলোকৰ দাবী সন্দৰ্ভত তৎকালে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত আন্দোলন অধিক তীব্ৰ কৰি তোলা হ’ব বুলি সকীয়াই দিছে আছা আৰু আওপাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More