তিনিচুকীয়াৰ ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে অইলৰ সৈতে চুক্তি স্বাক্ষৰিত

0 48

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জানুৱাৰী : তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্বাসনৰ বাবে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ মাজত এখন বুজাবুজি চুক্তি আজি তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত স্বাক্ষৰিত হয় ৷ এই উপলক্ষে আয়োজিত সভাত তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰ আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ সভাপতি ভৈৰৱ ভূঞাই এই চুক্তিত স্বাক্ষৰ কৰে ৷ ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনৰ্বাসন ৩,১৭,৪২,০০০ টকা ব্যয় সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আচঁনিৰ পুঁজিৰ দ্বাৰা সম্পাদন হ’ব ৷ আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত চৰফৰাজ হক, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মনজিত দলেৰ উপৰি জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকলৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া (আৱাসিক) প্ৰশান্ত বৰকাকতী, মুখ্য মহাপ্ৰৱন্ধক (এইছ আৰ ফ্লিড এডমিন) অৰুণজ্যোতি বৰুৱা, মহাপ্ৰৱন্ধক (পাব্লিক এফেয়াৰ্ছ) দেৱাশিস বৰাৰ লগতে অইলৰ অন্যান্য বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে ৷ এই প্ৰকল্পটোৰ দ্বাৰা তিনিচুকীয়া পৌৰসভাৰ লিগেচি আৱৰ্জনাবোৰ জৈৱখনন প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্কাশন আৰু পুনৰ্বাসন কৰা হ’ব ৷ এই প্ৰকল্পটো সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক, নান্দনিক আৰু সামাজিক মাপকাঠিৰ উন্নয়নত যথেষ্ট কাৰ্য্যকৰী হ’ব বুলি আশা কৰা হৈছে ৷ অইল ইণ্ডিয়া লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত কৰি তিনিচুকীয়াৰ উপায়ুক্ত নৰসিং পৱাৰে টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনাৰ ফলত সৃষ্টি হোৱা এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সহযাগিতা আগবঢ়োৱাৰ বাবে অইলক ধন্যবাদ জ্ঞাপন কৰে ৷ অনাগত দিনত এই ডাম্পিং গ্ৰাউণ্ডত এখন পাৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও উপায়ুক্তই উল্লেখ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More