তিনিচুকীয়াৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ : গোচৰ ৰুজু

0 19

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৯ নৱেম্বৰ : স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী সঞ্জয় কিষাণৰ অকৰ্মণ্যতাৰ বাবে এচাম ধুৰন্ধৰ জনপ্ৰতিনিধিয়ে তিনিচুকীয়া সমষ্টিৰ গৰিষ্ঠসংখ্যক গাঁও পঞ্চায়তত দুৰ্নীতিৰ পোহাৰ মেলিবলৈ সক্ষম হৈছে ৷ অতি শেহতীয়াকৈ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ৰংপুৰীয়া গাঁও পঞ্চায়তৰ খোদ সভাপতিজনৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি ৰংপুৰীয়া গাঁও পঞ্চায়তৰ সভাপতি দয়াশংকৰ যাদৱে বাগিচা অঞ্চলৰ সহজ, সৰল শ্ৰমিক ৰাইজক আভুৱা ভাৰি চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি আহিছে ৷ পঞ্চায়তৰ সভাপতি দয়াশংকৰৰ বিৰুদ্ধে উঠিছে তিনিচুকীয়াৰ শিউপুৰ চাহ বাগিচাৰ অনিতা তাঁতী নামৰ এগৰাকী হিতাধিকাৰীৰ নামত আবণ্টিত প্রধানমন্ত্রী আবাস যোজনাৰ প্ৰথম কিস্তিৰ ৩২,৫০০ টকা আৰু বিধৱা পেন্সনৰ ৭,৫০০ টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ মহিলাগৰাকীৰ তিনিচুকীয়াস্থিত আই ডি বি আই বেংকৰ একাউণ্টত জমা হৈ থকা মুঠ ৪০,০০০ দয়াশংকৰ যাদৱে অনিতা তাঁতীৰ পৰা টিপ চহী লৈ আত্মসাৎ কৰা বুলি অভিযোগত প্ৰকাশ ৷ এই কথা জানিব পাৰি ভুক্তভোগী মহিলাগৰাকীয়ে ৫ নৱেম্বৰত তিনিচুকীয়াা নপুখুৰী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০ ধাৰাত ১০৮১/২২ নম্বৰত এক গোচৰ ৰুজু হয় ৷ ইফালে গোপনে আত্মসাৎ কৰা ধন ঘূৰাই দি ৰুজু হোৱা গোচৰ উঠাই ল’বলৈ দয়াশংকৰ যাদৱে অনিতা তাঁতীৰ পৰিয়ালক হেঁচা দিয়া বুলিও অভিযোগ উঠিছে ৷ আনহাতে আৰক্ষীয়ে মঙ্গলবাৰে নিশা ঘটনা সন্দৰ্ভত সোধপোছৰ বাবে দয়াশংকৰ যাদৱক থানালৈ আনে যদিও আজি তেওঁক যাবলৈ দিয়া হয় ৷ অৱশ্যে ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More