তিনিচুকীয়াৰ বাৰেকুৰিত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত হলৌ দিৱসৰ সামৰণি

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৯ অক্টোবৰ : সুদীৰ্ঘ সময় ধৰি তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত মুক্তভাৱে বিচৰণ কৰি অহা দুষ্প্ৰাপ্য হলৌৰ বাবে বাৰেকুৰি অঞ্চলটো আজি পৰ্যটন ক্ষেত্ৰত এক পৰিচিত নাম ৷ হলৌৰ সৈতে বাৰেকুৰি অঞ্চলবাসীৰ গঢ়ি উঠা আত্মিক সম্পৰ্কই অন্য এক বৈশিষ্ট্য বহন কৰি আহিছে ৷ প্ৰতিবছৰৰ দৰে এইবাৰো বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ যৌথ উদ্যোগত তথা অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তত্বাৱধান আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অসম মৰাণ সভা, তৰাজান ডেংকা শাখা সমিতি, তৰাজান ডেংকা সন্মিলিত যুৱ সংঘৰ লগতে বাৰেকুৰিবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হলৌ দিৱসৰ আজি অন্তিম দিন ৷ সামৰণিৰ দিনা আজি হলৌ দিৱসৰ লগত সংগতি ৰাখি বাহিৰ কৰা হয় হলৌ সংৰক্ষণ আৰু সুৰক্ষা সমন্ধীয় এক সজাগতামূলক শোভাযাত্ৰা ৷ শোভাযাত্ৰা উদ্বোধন কৰে অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ তথা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে ৷ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আজি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ আনহাতে আজি অন্তিম দিনাৰ কাৰ্য্যসূচী অনুসৰি একাধিক গণ্যমান্য ব্যক্তি আৰু বিশিষ্ট পৰিৱেশ কৰ্মীৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হ’ব যদিও বাতৰি প্ৰেৰণৰ সময়লৈকে মুকলি সভা অনুষ্ঠিত হোৱা নাই ৷ উল্লেখ্য যে শুকুৰবাৰে প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত বাণিজ্য মেলা উদ্বোধন কৰা হয় ৷ ইয়াৰ পাছত ছাত্ৰছাত্ৰীৰ হলৌবান্দৰ দৰ্শন আৰু সজাগতামুলক কাৰ্য্যসূচী গ্ৰহণ কৰা হয় ৷ ইয়াৰোপৰি প্ৰথম দিনা বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ পৰৱৰ্তী সময়ত ড° ভৈৰৱ গোঁহাই আৰু বিনোদ চেতিয়াৰ সঞ্চালনাত ’পৰিৱেশ, বন্যপ্ৰাণী সংৰক্ষণ আৰু বাৰেকুৰিৰ গ্ৰাম্য পৰ্য্যটনৰ সম্ভাৱনীয়তা’ শীৰ্ষক এক আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More