তিনিচুকীয়াৰ শুকানপুখুৰী বাগিচাৰ শ শ চাহগছ কাটি ধ্বংস

তদন্ত অবিহনে আন্দোলনৰ হুংকাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাৰ ৩ নং ছেকচনত প্ৰায় ৩০০ জোপা চাহগছ দুষ্কৃতিকাৰীয়ে কাটি ধ্বংস কৰাৰ সন্দৰ্ভত তদন্তৰ দাবীত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ মহাসভাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বাবলু কুলদ্বীপ আৰু সম্পাদক ৰবিন কুৰ্মিৰ দ্বাৰা স্বাক্ষৰিত স্মাৰক-পত্ৰখনত উল্লেখ যে তিনিচুকীয়া সদৰৰ গাতে লাগি থকা শুকানপখুৰী চাহ বাগিচাৰ শ্ৰমিকসকলে বৰ্তমান বৰ বেয়া অৱস্থাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ৷ শ্ৰমিকসকল মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । বাগিচাখনত ছটা দশক কাম কৰি অৱসৰ গ্ৰহন কৰাৰ পাছতো ভৱিষ্যনিধিৰ ধন নোপোৱা পৰিয়ালৰ সদস্যক পুনৰ কাম নিদিয়াৰ বাবে বর্তমান বহু পৰিয়াল ভূমিহীন হৈছে ৷ ইফালে বাগিচাৰ খালী মাটি অবৈধভাৱে মালিকপক্ষই বিক্ৰি কৰি আহিছে। শেহতীয়াকৈ যোৱা ২৫ ফেব্ৰুৱাৰীত শুকানপুখুৰী বাগিচাৰ ৩ নং ছেকচনত (থাৰ্মেলৰ বালুগাদাৰ সমীপত) প্ৰায় ৩০০ জোপা চাহগছ (প্রায় ২০০০ বর্গফুট এলেকা) কিছু অসৎ লোকে কাটি ধ্বংস কৰি কৌশলেৰে উক্ত ভূমি খণ্ডখণ্ড কৰি বিক্ৰী কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি স্মাৰক-পত্ৰত অভিযোগ কৰা হয় । বিগত বৰ্ষৰ ৮ মে’তো অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু তেতিয়াও ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনোৱা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা ৰাইজে দেখা নাপালে বুলিও স্মাৰক-পত্ৰখনত কোৱা হয় ৷ বিভিন্ন ভুৱা তথ্যৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সহযোগত চাহ বাগিচাৰ ভূমি, বিশেষকৈ চাহতলি শ্রেণীৰ মাটি, অবৈধভাৱে কিনাবেচা কৰা হৈ থকাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি স্মাৰক-পত্ৰত কোৱা হয় যে শুকানপুখুৰী চাহ বাগিচাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা শ্রীশ্রী কৃষ্ণ মন্দিৰৰ দেৱালৰ কাষত জনৈক জহৰ আগৰৱাল, সুশীল মান্ধানী, ৰাজেশ মান্ধানী, বাগিছাৰ পৰিচালক নন্দেশ্বৰ কলিতাৰ পত্নী মঞ্জু কলিতাকে ধৰি বহুকেইজনে বহু হেক্টৰ মাটিৰ চাহগছ ধ্বংস কৰি অবৈধভাৱে দখল কৰি ৰাখিছে ৷ স্মাৰক-পত্ৰখনত শীঘ্ৰে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাই ইয়াৰ অন্যথা বাগিচাৰ শ্ৰমিকৰ স্বাৰ্থত আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হ’ব বুলি জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিয়ে সকীয়াই দিয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More