তিনিচুকীয়া জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ দেহাৱসান

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জানুৱাৰী : তিনিচুকীয়া চহৰৰ পৰ্বতীয়া অঞ্চলৰ ফিদাৰ ৰ’ড নিবাসী জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮৩ বছৰ ৷ উল্লেখ্য যে বিপদে-আপদে আৰ্তজনৰ কাষত থিয় দিয়া সৰবৰহী বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ স্বামী তথা দুয়ো পুত্ৰৰ ইতিমধ্যে দেহাৱসান হৈছে ৷ তেওঁৰ কনিষ্ঠ পুত্ৰ দ্বীপজ্যোতি শৰ্মা (মুন) আছিল চহৰখনৰ খৰ্গেশ্বৰ বজাৰস্থিত তিনিচুকীয়াবাসীৰ অতি পৰিচিত ’অগ্ৰগামী’ নামৰ কাকত তথা কিতাপৰ দোকানখনৰ প্ৰতিষ্ঠাতা ৷ লেখিকাৰূপেও পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা বীণা শৰ্মাৰ মৃত্যুত তিনিচুকীয়াত শোকৰ ছাঁ পৰিছে ৷ তিনিচুকীয়া জিলা মহিলা সমিতিৰ উপৰি একাধিক দল, সংগঠনে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰয়াতজনলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত বীণা শৰ্মাই দুই বোৱাৰী, দুই কন্যা, জোঁৱাই, নাতি, নাতিনী আৰু বহু আত্মীয়স্বজনৰ লগতে অগণন গুণমুগ্ধক এৰি গৈছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More