তিনিচুকীয়া পলিটেকনিকৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি : ধৃত ২ কিশোৰ

0 5

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ নৱেম্বৰ : তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ শুকানপখুৰী এলেকাত নতুনকৈ স্থাপিত পলিটেকনিক শিক্ষানুষ্ঠানৰ পৰা লক্ষাধিক টকাৰ সামগ্রী চুৰি সন্দৰ্ভত মাকুম আৰক্ষীয়ে দুই কিশোৰক আটক কৰিছে ৷ জানিব পৰা মতে ৩০ অক্টোবৰৰ নিশা পলিটেকনিক শিক্ষানুষ্ঠানখনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণত ব্যৱহৃত লক্ষাধিক টকাৰ সামগ্ৰী চুৰি হৈছিল ৷ এই সন্দৰ্ভত পলিটেকনিকখনৰ অধ্যক্ষৰ অভিযোগৰ ভিত্তিত মাকুম আৰক্ষীয়ে এক অভিযান চলাই শুকানপুখুৰীৰ জংঘল লাইনৰ পৰা চুৰি কাৰ্য্যৰ লগত জড়িত থকাৰ অভিযোগত দুই কিশোৰক আটক কৰে ৷ আটকাধীন কিশোৰদ্বয়ক মাকুম আৰক্ষীয়ে তিনিচুকীয়াস্থিত শিশু ন্যায় পৰিষদলৈ প্ৰেৰণ কৰা বুলি প্ৰকাশ ৷ তাৎপৰ্য্যপূৰ্ণ যে শৈক্ষিক প্ৰতিষ্ঠানখনত তিনিজনকৈ গৃহৰক্ষী জোৱান নিয়োজিত হৈ থকাৰ পাছতো কিদৰে এই চুৰি কাৰ্য্য সংঘটিত হবলৈ পালে তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷ আনহাতে শিক্ষানুষ্ঠানখনৰ চাৰিসীমাত পকী দেৱাল নিৰ্মাণকে ধৰি অন্যান্য আন্তঃগাঁথনিৰ কামসমূহ কাৰ্য্যকৰি কৰিবলৈ পলিটেকনিক কৰ্তৃপক্ষই ৰাজ্য চৰকাৰক আহ্বান জনাইছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More