তিনিচুকীয়া পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়া শ শ বস্তা পঁচা চাউল ৰহস্যৰ মেৰপাকত

0 17
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : খাদ্য সামগ্ৰীৰ অভাৱনীয় মুল্যবৃদ্ধিয়ে সৰ্বস্তৰৰ লোকক জুৰুলা কৰাৰ লগতে ইয়াৰ প্ৰতিবাদত ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হোৱাৰ সময়তে তিনিচুকীয়াত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত  শ শ বস্তা পঁচা চাউল পেলাই দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে তিনিচুকীয়াৰ পৰা দুলীয়াজান অভিমুখী পথৰ টিংৰাই নৈৰ কাষত শুকুৰবাৰে নিশা পেলাই দিয়া এই চাউলখিনিৰ গৰাকী কোন সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ কালি নিশা দুখন ট্ৰাকে ডাম্পিং গ্ৰাউণ্ডত চাউল পেলাই যোৱাৰ পাছত পুনৰ এখন ট্ৰাক দেখি স্থানীয় লোকে পৌৰসভাক অৱগত কৰে ৷ পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা ডাম্পিং গ্ৰাউণ্ডত উপস্থিতহৈ এখন ট্ৰাকৰ চালকক সোধপোছ কৰাত ট্ৰাকৰ চালকে প্ৰকাশ কৰে যে সেইখনৰ লগতে আন দুখন ট্ৰাকে চাউলখিনি চহৰখনৰ হিজুগুৰিস্থিত ৰে’লৱে গুডছ য়াৰ্ডৰ পৰা আনিছিল আৰু তেওঁলোকক চাউলখিনি উক্ত স্থানত পেলাবলৈ জনৈক জংলী নামৰ এজন লোকে দায়িত্ব দিছিল ৷ ইয়াৰ পাছত ঘটনাস্থলীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াও উপস্থিত হয় ৷ আনহাতে তিনিচুকীয়া পৌৰসভাৰ সূত্ৰমতে উক্ত ডাম্পিং গ্ৰাউণ্ড ব্যৱহাৰ কৰিবলৈ হ’লে পৌৰসভাৰ অনুমতিৰ প্ৰয়োজন যদিও ৰে’লৱে য়াৰ্ডত বেয়া হৈ যোৱা ইমান বৃহৎ পৰিমাণৰ চাউল ডাম্পিং গ্ৰাউণ্ডত পেলোৱাৰ বাবে কোনো অনুমতি লোৱা হোৱা নাছিল ৷ ইফালে উক্ত চাউল ক’ৰ পৰা কোনে আনিছিল আৰু ৰে’লৱে গুডছ য়াৰ্ডত কিয় মাহৰ পাছত মাহ পৰিত্যক্ত অৱস্থাত পেলাই থোৱা হৈছিল তাৰ কোনো সুদুত্তৰ নাই ৰে’ল বিভাগৰ হাতত ৷ ৰে’লৱেৰ এক সূত্ৰমতে প্ৰায় এবছৰ তিনিমাহ পূৰ্বে অহা এই চাউলসমূহ ’আনক্লেইমড্’ অৰ্থাৎ কোনেও দাবী কৰা নাই ৷ এনে পৰিস্থিতিত এবাৰ ৰে’ল বিভাগে নিলামৰ বাবে আগবাঢ়িছিল যদিও কোনো গ্ৰাহক নোলাল ৷ জানিব পৰা মতে ৰে’লৱে গুডছ য়াৰ্ডত সাতটা দবাত চাউলৰ লগতে আন কেতবোৰ সামগ্ৰীও ’আনক্লেইমড্’ অৱস্থাত আছে ৷ কালি প্ৰকৃততে এইদৰে পৰি থকা চিমেণ্টকে ধৰি অভিযান্ত্ৰিক সামগ্ৰী নষ্ট কৰাৰ বাবেহে নিৰ্দেশ দিয়া হৈছিল যদিও ভুলবশতঃ কোনোবাই চাউল লৈ যায় ৷ অৱশ্যে ৰে’ল বিভাগৰ এই বক্তব্য সাধাৰণ ৰাইজে বিশ্বাসত লোৱা নাই ৷ উল্লেখ্য যে চাউল জাতীয় খাদ্য সামগ্ৰী নষ্ট কৰাৰ বাবে কেতবোৰ নিৰ্ধাৰিত নিয়ম আছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More