তিনিটা ভাষাত সাহিত্য সৃষ্টি কৰা ৮ বছৰীয়া কুঁহি চেতিয়াৰ তৃতীয়খন গ্ৰন্থ ‘Little Star’ 

0 103

মুক্তাৰ আলী

Little Star’ শিশু লেখিকা কুঁহি চেতিয়াৰ তৃতীয়খন সদ্য প্ৰকাশিত শিশু উপযোগী গ্ৰন্থ।মূলতঃ গল্প সংকলন Little Star ত সন্নিৱিষ্ট হৈছে দহোটাকৈ চুটি গল্প।শিশু লেখিকা হিচাপে ৰচনাৰ সৰলতা থাকিলেও প্ৰতিটো গল্পতেই নিহিত হৈ আছে একোটাকৈ মহান উদ্দেশ্য।কনমাণি মনৰ কল্পনাপ্ৰসূত কুঁহিৰ চৌপাশৰ পৃথিৱীত ধৰা দিয়া ছায়া চিত্ৰৰ সমান্তৰালকৈ ঘটনা প্ৰৱাহৰ অনুপম বৰ্ণনা দেখিবলৈ পোৱা গৈছে গ্ৰন্থখনৰ পাতে পাতে।মুঠ ২৮ পৃষ্ঠাৰ গ্ৰন্থখন মুদ্ৰিত হৈছে কুঁহিপাত অফচেটত আৰু প্ৰকাশ কৰি উলিয়াইছে নাৰায়ণপুৰৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী নতুন এখোজ’এ।IMG 20220614 WA0004
কুঁহি চেতিয়াই মাত্ৰ ছবছৰ বয়সতে হিন্দী ভাষাত লিখা “কুঁহি কী কাহানিয়া” শীৰ্ষক প্ৰথমখন গল্প সংকলনৰ জৰিয়তে Assam book of record আৰু International book of recordত কম বয়সীয়া লেখিকা হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কভিডে গৰকা দুটা বছৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত সৃষ্টি হোৱা কুঁহি কী কাহানিয়া’ই পাঠক সমাজৰ উচ্চ প্ৰশংসা পোৱাৰ পিছতেই বেবেৰিবাং নামৰ অন্য এখন অসমীয়া ভাষাত গল্প সংকলন লিখি উলিয়াইছিল। একেধাৰে অসমীয়া , হিন্দী আৰু ইংৰাজী ভাষাত দখল থকা কুঁহি চেতিয়াই তিনিওটা ভাষাতে সাহিত্য সৃষ্টিৰ বাবে কৰি অহা প্ৰচেষ্টাই এদিন সুন্দৰৰ ফুল ফুলাব পাৰিব বুলি বৌদ্ধিক সমাজে বিবেচনা কৰিছে।
সদ্য প্ৰকাশিত গ্ৰন্থ লিট’ল ষ্টাৰ’ নৈতিকতাৰ পাঠ হিচাপেও অভিহিত কৰিব পাৰি।শিশুৰ কোমল মনৰ চিন্তাৰ ফচল গ্ৰন্থখনত প্ৰতিটো কাহিনীৰ মাজেৰে এটা নৈতিক বাৰ্তা তথা সংস্কাৰী মনৰ উমান দিয়াত লেখিকা সফল হৈছে।Brave Boy নামৰ গল্পটোৰ জৰিয়তে কুঁহিয়ে শিকাই গৈছে সন্তানৰ প্ৰতি পিতৃ মাতৃৰ অমনোযোগীতাৰ পৰিণাম আৰু মনৰ দৃঢ়তাই ব্যক্তিৰ জীৱনলৈ আনি দিব পৰা সফলতাৰ কথা।Two Fairiesৰ দৰে গল্পই ৰূপকথাৰ পৃথিৱীৰে বিচৰণ কৰায়। Bad Boy ৰ কাহিনীৰে গা নোধোৱা গাহৰিৰ আচৰণলৈকে মন্ত্ৰমুগ্ধ কৰি তুলিব পৰা লেখাৰে সমৃদ্ধ Little Star. শিশু লেখিকা কুঁহি বৰ্তমান ৮বছৰীয়া আৰু তৃতীয় মানৰ ছাত্ৰী।একৰিট একাডেমীত অধ্যয়ন কৰা কুঁহি বন্তি শইকীয়া চেতিয়া আৰু মুকুন্দ্ৰ মুৰাৰী চেতিয়াৰ সন্তান।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More