তৃতীয়-চতুৰ্থ বৰ্গৰ ৩০ হাজাৰ পদত অৱতীৰ্ণ হ’ব ১৪ লাখৰো অধিক প্ৰাৰ্থী

0 20

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সময়মতে পালন কৰিবলৈ সক্ষম নহ’ল যদিও প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰেই অংশ স্বৰূপে প্ৰায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বৃহৎ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। দেওবাৰে অৰ্থাৎ কাইলৈ অনুষ্ঠিত হ’ব অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ২১ আগষ্ট আৰু ২৮ আগষ্টত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা। এই দুয়োটা পৰীক্ষাত মুঠ ১৪,৩০,৩৩৭ জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। অসম চৰকাৰৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ২১ আগষ্টত দুটা পৃথক সময়ত পতা হ’ব। উক্ত দিনটোত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ দুটা চিফ্টত প্ৰথম পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ হ’ব। ২৮ আগষ্টত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো উক্ত সময় অনুসৰিয়েই অনুষ্ঠিত হ’ব। চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত ২১ আগষ্টত দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণই পুৱা দহ বজাৰ পৰা বিয়লি ১২ বজালৈ আৰু অষ্টম শ্ৰেণীলৈকে পঢ়া আবেদনকাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। আনহাতে তৃতীয় বৰ্গৰ ক্ষেত্ৰত ২৮ আগষ্টত উচ্চতৰ মাধ্যমিক উত্তীর্ণ আবেদনকাৰীয়ে পুৱা দহ বজাৰ পৰা দিনৰ বাৰ বজালৈ আৰু স্নাতক ডিগ্ৰীধাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। গাড়ী চালকৰ ক্ষেত্ৰত (দশম শ্ৰেণীত উত্তীৰ্ণ) এঘাৰ ছেপ্টেম্বৰৰ পুৱা দহ বজাৰ পৰা দিনৰ বাৰ বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। বিভিন্ন বিভাগত কৰ্মৰত ৰাজপত্ৰিত বিষয়াসকলক প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে যিয়ে পৰীক্ষা অনুষ্ঠিত হোৱা দিনটোত সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰিব।
উল্লেখ্য যে এই দুয়োটা পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা ৰখা হৈছে। পৰীক্ষাৰ বিষয়বোৰ হ’ব ইংৰাজী, সামাজিক অধ্যয়ন, গণিত, সাধাৰণ জ্ঞান, মানসিক সামৰ্থ্য আৰু লজিকেল ৰিজনিং। পৰীক্ষাৰ্থীসকলে www.assam.gov.in ৱেবচাইটৰ পৰা নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। অসম ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ (এছএলআৰচি)এ ৰাজহুৱা কৰা জাননীত উল্লেখ কৰা হৈছে যে পৰীক্ষাত উত্তৰ অশুদ্ধ হ’লে কোনো ঋণাত্মক (নেগেটিভ মাৰ্ক) নম্বৰ নাথাকিব আৰু প্ৰশ্নকাকতত এটাকৈ মুঠ ১৩৫ টা প্ৰশ্ন থাকিব। প্ৰাৰ্থীসকলে দুঘণ্টাৰ ভিতৰত কাকতখন শেষ কৰিব লাগিব।
পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে চৰকাৰে ব্যাপক কঠোৰ ব্যৱস্থা অৱলম্বন কৰিছে। পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ঠাইসমূহত পৰীক্ষাৰ সময়ছোৱাত মোবাইল ইণ্টাৰনেট বন্ধ থাকিব। মন কৰিবলগীয়া যে অসমৰ ৩৫ খন জিলাৰ ভিতৰত মুঠ ২৫ খন জিলাত এই পৰীক্ষা অনুষ্ঠিত হ’ব আৰু পৰীক্ষাৰ সময়চোৱাত জিলা কেইখনত বন্ধ থাকিব ইণ্টাৰনেট সেৱা। পৰীক্ষাৰ সময়ত যাতে কোনোৱে হোৱাটছএপ যোগে প্ৰশ্নকাকত ফাদিল কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ যে পূৰ্বতে নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ সময়ত বিভিন্ন অনিয়ম হোৱাৰ উদাহৰণ আছে। তাৰ বাবে এনে বিসংগতি যাতে পুনৰ নহয় তাৰ বাবে এনে কঠোৰ আৰু ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী পদত নিকা আৰু স্বচ্ছভাৱে দক্ষ যুৱক-যুৱতী নিয়োগৰ বাবে এক নিখুঁত ব্যৱস্থা কৰা হৈছে। প্ৰতিখন জিলাত এজন ন’ডেল বিষয়া নিযুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে সকলো ব্যৱস্থা সঠিকভাৱে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত ৰাজপত্ৰিত বিষয়াসকলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়া নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে প্ৰাৰ্থীসকলৰ লগতে ইনভিজিলেটৰসকলক পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন বা আন যিকোনো ইলেক্ট্ৰনিক গেজেট কঢ়িওৱাৰ ক্ষেত্রত বাধা নিষেধ ‍আৰোপ কৰা হৈছে। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই পৰীক্ষা প্ৰক্ৰিয়াৰ ভিডিঅ’গ্ৰাফী কৰিবলৈ দুজন ভিডিঅ’গ্ৰাফাৰ নিয়োজিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লক্ষণীয় বিষয় যে এই পৰীক্ষাত কিবা খেলিমেলি হ’লে সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তগৰাকী দায়বদ্ধ হ’ব। ইতিমধ্যে এইক্ষেত্রত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সতৰ্কবাণী জাৰি কৰিছে। মুঠতে এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কাইলৈ অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ পৰীক্ষা। লক্ষণীয় বিষয় যে অসম চৰকাৰৰ বাবে এই নিযুক্তি পৰীক্ষা যেন অগ্নিপৰীক্ষা। লক্ষণীয় বিষয় যে ছেবাক উক্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিয়া হৈছে যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষা নিখুতভাৱে অনুষ্ঠিত কৰাত প্ৰায়ে বিভিন্ন বিসংগতিৰে ছেবাই সমালোচনাৰ সন্মূখীন হোৱা দেখা গৈছে। ৩-৪ লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ছেবাৰ সমুখত এইবাৰ আছে প্রায় ১৪ লাখ পৰীক্ষার্থী। স্বাভাৱিকতেই উক্ত পৰীক্ষা অসম চৰকাৰৰ বাবে অগ্নিপৰীক্ষা বুলি বিবেচিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More