তেজপুৰত অগ্নিকাণ্ড

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ গাৰোৱানপট্টী অঞ্চলত যোৱা নিশা প্ৰায় ৮-৩০ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ উল্লেখযোগ্য যে,অঞ্চলটোৰ অমল সাহা নামৰ লোকজনৰ ভাৰাতীয়া গণেশ আগৰৱালৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় বুলি আশংকা কৰা হৈছে৷ উল্লেখযোগ্য যে, স্বামী-স্ত্ৰী দুয়োজনেই ব্যক্তিগত স্হলিত কাম কৰি নিশা ঘৰলৈ উভতি আহে আৰু আজিও তেনেদৰে আহি ঘৰৰ বিদ্যুৎ বাতি জ্বলোৱাৰ পাছতে সমীপৰ দোকানত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যায়৷ এই সময়তে আগৰৱালা পৰিয়ালৰ ভাৰাঘৰটো অগ্নিয়ে ছানি ধৰে আৰু স্হানীয় লোকৰ মাজত হুৱাদুৱা লাগে৷ ঘন জনবসতিপূৰ্ণ অঞ্চলটোত কাষৰ ঘৰলৈ এই জুই বিয়পি পৰিব বুলি ৰাইজ শংকিত হৈ পৰে যদিও ঘটনাস্থলীত উপস্থিত হোৱা তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু সময়ৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷ এই অগ্নিকাণ্ডৰ ঘটনাত কিমান ক্ষয়ক্ষতি হ’ল সেয়া এইপৰ্যন্ত নিৰূপণ হোৱা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More