তেজপুৰত “অসীম সাগৰৰ ঢৌ” উন্মোচন

0 10

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৪ ছেপ্টেম্বৰ: ভ্ৰমণৰ অভিজ্ঞতাকে ধৰি ভিন্ন বিষয় বস্তু সামৰি লিখা এখন পুথি আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূলত উন্মোচন কৰা হয়৷অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা মাজগাঁও নিকামূল নিবাসী হিমকৰ্ণ চেত্ৰীৰ দ্বাৰা ৰচিত এই প্ৰথমখন নিৱন্ধ সংকলন “অসীম সাগৰৰ ঢৌ” আজি বিয়লি চাৰি বজাত লেখকজনৰ বাসভৱনৰ চৌহদত আয়োজিত এক সভাত আনুষ্ঠানিক ভাবে উন্মোচন কৰে সাহিত্যিক দিলীপ ফুকনে৷ গ্ৰন্থখন উন্মোচন কৰি ফুকনে কয় যে হিমালয়ৰ পাদদেশৰ গোৰ্খাসকলে অসমৰ বতাহ পানীৰে সবল হৈ অসমীয়া ভাষা সাহিত্যৰে লীন যোৱাৰ লগতে অসমীয়া ভাষা সাহিত্যলৈয়ো যথেষ্ট অৱদান আগবঢ়োৱা তথা সাহিত্যৰ ভড়াল চহকী কৰিছে৷ গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে অংশলৈ প্ৰবীন তথা বিশিষ্ট কবি ড° যতিন বৰুৱাই কিতাপ পঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য প্ৰকাশ কৰি লগতে কয় যে যি লেখাই সমাজৰ উপকাৰ সাধে সেই লেখা অজৰ অমৰ।ড° বৰুৱাই আৰু কয় যে, ছপা মাধ্যমত লিখাৰ গুৰুত্ব চিৰদিন বেছি।প্ৰসংগক্ৰমে বিশিষ্ট কবিজনে কয় “আজি আমি শ শ বছৰ পুৰণি কীৰ্তন ঘোষা আদি অমূল্য গ্ৰন্থ ছপা হৈছিল বাবেহে পাইছোঁ।”গ্ৰন্হ উন্মোচনী সভাখনত সভাপতিত্ব কৰা সুলেখক মুকুল গোস্বামীয়ে কয় যে, অৱসৰ প্ৰাপ্ত অধ্যক্ষ চেত্ৰীয়ে সাহিত্যৰ জগত খনত এই গ্ৰন্থৰ জৰিয়তে প্ৰথম খোজ দিছে।তেওঁ শিক্ষক জীৱনত বহু লৰা ছোৱালীক মানুহ হিচাবে গঢ় দিয়াৰ অজস্ৰ অভিজ্ঞতা আছে বুলি মন্তব্য কৰি গোস্বামীয়ে লগতে কয় যে শিক্ষক হিচাপে চেত্ৰীয়ে বহু ছাত্ৰ ছাত্ৰীৰ জীৱন শিক্ষাৰে জিলিকাই তুলিলে৷ যি মন্ত্ৰৰ দ্বাৰা সেই ছাত্ৰছাত্ৰী সকলক দীক্ষিত কৰিলে সেয়া সণ্ঢালনি কৈ প্ৰচাৰ কৰাটো সামাজিক দায়িত্ব বুলিও গোস্বামীয়ে উল্লেখ কৰি কয় যে ৰাইজে তেওঁৰ পৰা ফলপ্ৰসু চিন্তাৰ লিখিত ৰূপ বিচাৰে।সভাৰ সভাপতি গোস্বামীয়ে চেত্ৰীৰ আৰু পুস্তক ৰচিত হওঁক বুলিও আশা ব্যক্ত কৰে।উল্লেখযোগ্য যে,গ্ৰন্থ উন্মোচনী সভাত উপস্থিত সকলোকে আৰতি চেত্ৰীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।সভাত সুলেখক চিৰাজ খান,সমাজকৰ্মী প্ৰেমা মহন্তকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More