তেজপুৰত অহা ১২ নবেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত

0 12

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ২৮ অক্টোবৰঃ ৰাষ্ট্ৰীয় লোক আদালতৰ লগত সঙ্গতি ৰাখি শোণিতপুৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১২ নবেম্বৰত শোণিতপুৰ জিলা আদালত প্ৰাঙ্গনত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ,যান-বাহন তথা আবকাৰী গোচৰ, ফৌজদাৰী গোচৰ (Compoundable) আৰু Pre-litigation cases যেনে- বাকীজাই গোচৰ, ভূমি অধিগ্ৰহণ গোচৰ, ১০৭ ধাৰা গোচৰ, বেংক ঋণ গোচৰ, বি এচ এন এল, বিদ্যুত বিলৰ গোচৰ, শ্ৰমিক সৰ্ম্পকীয় গোচৰ ইত্যাদি গোচৰসমূহ নিষ্পত্তি কৰা হ’ব৷ উক্ত গোচৰসমূহৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ নিজৰ মাজত আগতীয়াকৈ আলোচনাত বহি গোচৰ নিষ্পত্তিৰ মীমাংসা কৰিব পাৰিব বা লোক আদালত অনুষ্ঠিত হোৱা তাৰিখতো গোচৰ নিষ্পত্তি কৰিব পাৰিব ৷ লোক আদালতত ক্ষিপ্ৰতাৰে গোচৰ নিষ্পত্তি কৰাৰ উপৰি আদালতত পৰিশোধ কৰা মাচুল ওভতাই দিয়া হয় আৰু নিষ্পত্তি হোৱা গোচৰৰ কোনো ধৰণৰ আপীল কৰাৰ ব্যৱস্থা নাথাকে ৷ সেয়েহে ১২ নবেম্বৰ, ২০২২ তাৰিখে অনুস্থিত হ’ব লগীয়া ৰাষ্ট্ৰীয় লোক আদালতত সম্পূৰ্ণ চৰকাৰী কোভিড সংক্ৰান্তীয় নীতি নিৰ্দেশনা মানি অংশ গ্ৰহণ কৰি ন্যায় ব্যৱস্থা ত্বৰান্বিত কৰি তুলিবলৈ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত বিতং তথ্যৰ বাবে ফোন নং-৮৬৩৮৭৪২১৬৪ আৰু ৮৭২১০৫৩৮৭৪ নম্বৰত অথবা WhatsApp অথবা ই-মেইল আইডি [email protected], শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব ৷ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণে এই ৰাষ্ট্ৰীয় লোক আদালতত সমূহ শোণিতপুৰ জিলাবাসীৰ সহযোগিতা কামনা কৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More