তেজপুৰত আত্মবলিদান দিৱস পালন

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০ছেপ্টেম্বৰ: দেশৰ স্বাধীনতা আন্দোলনৰ অমৰ ছহিদ কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ছাত্ৰ সংগঠন ডি এছ অ’ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ আদালত পাচঁ‌ আলিত আত্মবলিদান দিৱস পালন কৰা হয়।আজি পুৱা ১০•৩০ বজাত সংগঠনটোৰ কৰ্মী আৰু বিদ্যালয়,মহাবিদ্যালয়ৰ যথেষ্ট সংখ্যক ছাত্ৰ -ছাত্ৰী উপস্থিত হৈ ছহিদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু দিনজুৰি ছাত্ৰ- ছাত্ৰীসকলে পথৰ দাঁতিত থিয় হৈ পথাচাৰী সকলৰ মাজত কনকলতা স্মাৰক বেজ বিতৰণ তথা পৰিধান কৰায়।সংগঠনটোৰ বিষয় ববীয়া সকলে এই সন্দৰ্ভত কয় যে যি সময়ত ৰাজ্যখনৰ বিদ্যালয়ৰ পাঠ্য পুথিৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ বীৰাংগনা সকলৰ জীবন গাঁ‌থা মচি পেলোৱাৰ প্ৰচেষ্টা চলি আছে আৰু ইতিহাস বিকৃতি কৰাৰ চক্ৰান্ত চলি আছে এনে সময়ত এই মহান বীৰ বীৰাংগনাসকলৰ জন্ম আৰু ছহিদ দিৱসৰ বিষয়ে সকলো দল সংগঠন তথা জনসাধাৰণে ব্যাপকভাৱে চৰ্চা কৰিব লাগে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More