তেজপুৰত ঋণ প্ৰসাৰ কাৰ্যসূচী সম্পন্ন

0 11
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ জুন: দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰনালয়ৰ আৰু আৰু কৰ্পৰেট মন্ত্ৰণালয়ৰ উদ্যোগত যোৱা ছয়জুনৰ দিনা দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰা আইকনিক সপ্তাহৰ লগত সংগতি  আজি তেজপুৰৰ হেমবৰুৱা ভৱনত ঋণ প্ৰসাৰৰ কাৰ্যসূচী অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ ইউকো বেঙ্কৰ  জিলা প্ৰৱন্ধকৰ উদ্যোগত অনুষ্ঠিত উক্ত ঋণ প্ৰসাৰৰ কাৰ্যসূচীৰ সভা বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই। সভাত ইউকো বেঙ্কৰ উপৰিও অসম গ্ৰামীণ বিকাশ বেঙ্ক, ভাৰতীয় ষ্টেট বেঙ্ক, ইউনিয়ন বেঙ্ক অফ ইণ্ডিয়া, বেঙ্ক অব ইণ্ডিয়া, বেঙ্ক অফ মহাৰাষ্ট্ৰ, ফেডাৰেল বেঙ্ক,আই ডি বি আই,নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্ক,পঞ্জাৱ নেচনেল বেঙ্ককে ধৰি ২৪টা বেঙ্কৰ পৰিচালক, জ্যেষ্ঠ পৰিচালক আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা উক্ত ঋণ প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৩৬০গৰাকী পুৰুষ মহিলা হিতাধিকাৰী মাজত ৰিটেইল,কৃষি আৰু এম এছ এম ইৰ অধীনত  ২৩কোটি ৩০ লাখ টকাৰ ঋণ অনুমোদন পত্ৰ বিতৰনৰ শুভাৰম্ভ কৰে বিধায়ক ৰাভাই। শোণিতপুৰ জিলা অগ্ৰণী বেঙ্কৰ জিলা প্ৰবন্ধক বিদ্যা কুমাৰে আদৰণি ভাষণ দিয়া এই অনুষ্ঠানত অসম গ্ৰামীণ বিকাশ বেঙ্কৰ আঞ্চলিক প্ৰবন্ধক জ্ঞানজ্যোতি শৰ্মা, ভাৰতীয় ষ্টেট বেঙ্কৰ সহকাৰী মহা প্ৰবন্ধক ৰমেন্দ্ৰ নাৰ্জাৰী,  নাবাৰ্ডৰ ডি ডি এম প্ৰীতম নাথ আৰু তেজপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া বৰষা তালুকদাৰ  প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশ গ্ৰহণ কৰে। উল্লেখ্যযে আইকনিক সপ্তাহৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলাৰ বিভিন্ন বেঙ্কে আজি পৰ্যন্ত পি এম জে জে বি ৱাই ৰ অধীনত ৪৪২গৰাকী, পি এম এছ বি ৱাইৰ অধীনত ৬৬৫গৰাকী আৰু অটল পেঞ্চন আচঁনিৰ অধীনত ৪১৫ গৰাকী হিতাধিকাৰী সামৰি লৈছে আৰু এই ব্যৱস্থা অব্যাহত থাকিব জিলা অগ্ৰণী বেঙ্কৰ জিলা প্ৰবন্ধকজনে সদৰি কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More