তেজপুৰত একেলগে ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন

0 21

শতাব্দ প্ৰতিনিধি তেজপুৰ,১২জুলাই: যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰোনমি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰবী অধ্যাপক তেজপুৰৰ এজন সুলেখক তথা কবি ড° যতীন্দ্ৰ কুমাৰ চৌধুৰীৰ তিনিখনকৈ গ্ৰন্থ আজি একেলগে তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত উন্মোচন কৰা হয়। বিশিষ্ট লেখক তথা তেজপুৰ সাহিত্য চ’ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত আজি দিনৰ ১১-৩০বজাত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাখনত ড° চৌধুৰীৰ প্ৰৱন্ধৰ সংকলন ভাল কথা আৰু ভাল কাম উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই। একেদৰে বৰ্ষৰ শেৱালি ফচল শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে সুলেখক ৰমেশ চন্দ্ৰ কলিতাই। আনহাতে ড° চৌধুৰীৰ তৃতীয়খন গ্ৰন্থ তথা কবিতাপুথি আপোনাৰ ভালনে উন্মোচন কৰে বিশিষ্ট বিজ্ঞান লেখক ড° ৰমেশ চন্দ্ৰ গোস্বামীয়ে। প্ৰৱন্ধ সংকলন খনৰ প্ৰৱন্ধ সমূহ তথ্য আৰু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত লিখকে আকৰ্ষনীয় ভাবে উপস্থাপন কৰা আৰু পাঠকে এই গ্ৰন্থখন আদৰি ল’ব বুলি আশা ব্যক্ত কৰে ড° ভট্টাচাৰ্যই। আনহাতে আন দুগৰাকী উন্মোচক কলিতা আৰু ড° গোস্বামীয়ে অতীতৰ অসমীয়া কবিতাৰ পাছত আধুনিক অসমীয়া কবিতাৰ যাত্ৰাত হেম চন্দ্ৰ বৰুৱা,অমূল্য বৰুৱা,দেৱকান্ত বৰুৱা,নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য আদি সকলকে ধৰি এই পৰ্যন্ত ভালেকেজন কবিৰ বিষয়ে উল্লেখ কৰি বৰ্তমান অসমীয়া সাহিত্য আৰু কবিতাই যথেষ্ট উন্নতি সাধন কৰিছে বুলি উল্লেখ কৰি লগতে কয় যে প্ৰকৃততে কিবা এটা লিখিলেই সকলো কবিতা নহয়। বৰ্তমান এনেদৰে বহু কবিতাই প্ৰকাশ পালেও সকলোৱে পাঠকক আকৰ্ষণ কৰিবলৈ সক্ষম নহয় বুলি ড° গোস্বামীয়ে মন্তব্য কৰি লগতে কয় যে ড° চৌধুৰিৰ কবিতা কিন্তু পঢ়িৱলৈ যথেষ্ট আকৰ্ষণীয়। আনহাতে আন গৰাকী উন্মোচক কলিতাই ফৰাচী ভাষাৰ কবিতাত আৰম্ভ হোৱা পট আৰু চিত্ৰকল্পৰ ধাৰা অসমীয়া কবিতায়ো অনুকৰণ কৰাৰ বিপৰীতে কবিতা ব্যঞ্জনাময় হ’লেহে পাঠকে আদৰি লয় বুলি মন্তব্য কৰি কেবল শব্দৰ সমষ্টিয়েই কবিতা নহয় বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে,দীৰ্ঘকাল সাহিত্য চৰ্চা অব্যাহত ৰখা ড° চৌধুৰী তেজপুৰ সাহিত্য চ’ৰাৰ এগৰাকী নিয়মীয়া সদস্য। লেখক নবীন লহকৰে আঁত ধৰা এই গ্ৰন্থ উন্মোচনী সভাত ঔপন্যাসিক ড° ভূপেন শইকীয়া,তেজপুৰ সাহিত্য চ’ৰাৰ সম্পাদক অক্ষয় মিশ্ৰ,লেখক ভূৱন চন্দ্ৰ গগৈ,কৃষ্ণ মিশ্ৰকে,লেখক মুনিন চৌধুৰীকে ধৰি তেজপুৰৰ বহুকেজন বিশিষ্ট লেখক তথা বিশিষ্ট ব্যক্তি উপস্থিত থকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More