তেজপুৰত একেলগে বিবাহ বহিল ১৯যোৰ দৰা কইনা

 বিয়ানাম,গড়ধৰা আদিৰে উখলমাখল পৰিৱেশ

0 15

শতাব্দ প্ৰতিনিধি তেজপুৰ,৮মে’: তেজপুৰৰ কলিবাৰী গাঁৱত মুঠ ১৯যোৰ দৰা কইনাৰ মাজত সম্পন্ন হ’বলৈ ওলোৱা বিয়াৰ বাবে আজি পুৱাৰে পৰাই এক উখল মাখল পৰিৱেশে বিৰাজ কৰে । ৰন্ধা বঢ়া,দৰা কইনাক সজোৱাৰ পৰা সকলো কামত ব্যস্ত ৰাইজ । ৰাজহুৱা নামঘৰত নিজা নিজা কইনাৰ স’তে বিবাহপাশত আৱদ্ধ হ’বলৈ অহা ১৯জন দৰাক যেনেদৰে বহু সংখ্যক লোকে খোল তাল বজাই আগবঢ়াই আনিছে একেদৰে হাঁহি স্ফুৰ্তিৰে দৰা সকলৰ গড় ধৰিলে আন একাংশই । মুঠতে আজি ব্ৰহ্মপুত্ৰৰ পাৰৰ এই গাঁওখন এক মিলনৰ থলিলৈ ৰূপান্তৰিত হয় । উল্লেখযোগ্য যে,একশৰণ ভাগৱতী সমাজৰ কলিবাৰী গাঁও শাখাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত কলিবাৰীত আজি অনুষ্ঠিত হয় ১৯যোৰা দৰা আৰু কইনাৰ মাজত সমুহীয়া বিবাহ । একশৰণ ভাগৱতী সমাজৰ কলিবাৰী গাঁও শাখাৰ সভাপতি ডিম্বেশ্বৰ দাস আৰু সম্পাদক গণেশ দাসে প্ৰকাশ কৰা অনুসৰি এইসকল দৰা কাইনাৰ ভিতৰত ৩০বছৰৰ একাধিক দৰা কইনা থকাৰ বিপৰীতে কোনোৰ বয়স ৪০ আকৌ কোনোৰ বয়স ৪৫বছৰ । ৬৫বছৰৰ দৰাও বহিল এই বিয়াত । উল্লেখযোগ্য যে,এইসকল দৰা কইনাৰ ইতিমধ্যে বহু পূৰ্বেই সংসাৰ আৰম্ভ হৈছিল । বিভিন্ন কাৰণত সামাজিকভাবে বিবাহ সম্পন্ন নোহোৱাৰ বাবেই একশৰণ ভাগৱতী সমাজৰ কলিবাৰী গাঁও শাখাই ৰাইজৰ সহয়াত আজি তেওঁলোকৰ বিবাহ সামাজিক নিয়মনীতিৰ মাজৰে উলহ মালহৰ মাজত একেলগে অনুষ্ঠিত কৰে । দৰা কইনা সকলক নোৱাই ধোৱাই কইনাসকলক নামঘৰতে থকাৰ ব্যৱস্থা কৰা হয় আৰু দৰা সকলক সমীপৰে এক স্থানত ৰখা হয় । দৰা সকলৰ স’তে বৰযাত্ৰী হৈ আহে স্থানীয় একাংশ আৰু একেদৰে কইনাৰ পক্ষতো থাকে বহু সংখ্যক লোক। মহিলা নেত্ৰী তথা প্ৰবীণ শিল্পী তৰুলতা দাসৰ লগতে বহুসংখ্যককে গালে বিয়ানাম । নামঘৰত আঁৰ কাপোৰৰ সিপাৰে থকা কইনাসকলক ভাগে ভাগে তেওঁলোকৰ বৰে বিবাহৰ বিধিস্থলীলৈ আমন্ত্ৰণ জনোৱাৰ সময়তো সৃষ্টি হয় আনন্দমধুৰ পৰিৱেশৰ । একশৰণ ভাগৱতী সমাজৰ নিয়ম অনুসৰি সম্পন্ন হোৱা বিয়াত পুৰোহিত যোগেন দাসে বিধি পাঠ কৰে । এই বিবাহত প্ৰায় সহস্ৰলোকে অংশ লয় আৰু সকলোৰে বাবে আহাৰৰো ব্যৱস্থা কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More