তেজপুৰত এছ এছ বিৰ দীক্ষান্ত সমাৰোহ সম্পন্ন

0 66

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃIMG 20230321 WA0084 আজি প্ৰশিক্ষণ সমাপ্ত কৰি দেশৰ সেৱাত প্ৰথম খোজ আগবঢ়ালে এছ এছ বিৰ ১৮৮ গৰাকী জোৱানে। আজি এছ এছ বিৰ শোণিতপুৰ জিলাৰ তেজপুৰ শালনীবাৰীস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ ছত্ৰপতি শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত ২৫৯ নম্বৰ গোটৰ প্ৰশিক্ষণ সমাপ্ত কৰা জোৱান সকলৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি সশস্ত্ৰ সীমা বলৰ দিল্লীস্থ মুখ্যালয়ৰ মহাপৰিদৰ্শক সুধীৰ কুমাৰে ৪৫গৰাকী মহিলাসহ ১৮৮গৰাকী জোৱানে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহন কৰে। জোৱান সকলৰ আনুষ্ঠানিক অভিবাদন গ্ৰহন কৰি মহাপৰিদৰ্শক কুমাৰে দেশৰ বন্ধু ৰাষ্ট্ৰ ভাৰত ভূটান আৰু ভাৰত নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত সশস্ত্ৰ বাহিনীৰ জোৱান আৰু বিষয়া সকলক বন্ধু ৰাষ্ট্ৰৰ নাগৰিক সকলৰ লগত দেশৰ নাগৰিকৰ দৰে সন্মান কৰি নিজ নিজ কৰ্তব্য সম্পাদন কৰিবলৈ আহ্বান জনায়। মহাপৰিদৰ্শক গৰাকীয়ে ৰাষ্ট্ৰপতিৰ ছটা সূৰ্য চক্ৰ, এটা কিৰিটি চক্ৰ, ৬৮টা ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল, ছয়টা সাহসিকতাৰ আৰক্ষী পদক আৰু ৪৫৯টা আৰক্ষী ছহিদ সেৱাৰ পদকৰে গৌৰৱান্বিত সশস্ত্ৰ সীমা বলৰ পৰিয়াললৈ আজি দীক্ষান্ত সমাৰোহত অংশ গ্ৰহন কৰা জোৱান সকলক আদৰণি জনাই প্ৰতি গৰাকী জোৱানক ৰাষ্ট্ৰৰ সেৱাত নিজকে নিয়োজিত কৰাৰ আহ্বান জনায়। দীক্ষান্ত সমাৰোহত মহাপৰিদৰ্শক গৰাকীয়ে সশস্ত্ৰ সীমাবলৰ কনিষ্টবল কৈলাশ দিহিংগীয়াক অতি উৎকৃষ্ট সেৱা পদক; সহকাৰী উপ পৰিদৰ্শক এম বিজয় কুমাৰ সিঙ আৰু হেড কনিষ্টবল ৰাধেশ্যাম ৰয়ক উৎকৃষ্ট সেৱা পদক প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ২৫৯ নম্বৰ গ্ৰুপৰ জোৱান সকলক বটাঁৰে সন্মানিত কৰে। শালনীবাৰী প্ৰশিক্ষণ কেন্দ্ৰৰ উপ মহাপৰিদৰ্শক মনমোহন সিঙে দিয়া আদৰণি ভাষনত আজি দীক্ষান্ত সমাৰোহত অংশ গ্ৰহন কৰা ১৮৮গৰাকী জোৱানে ৪৪ সপ্তাহৰ প্ৰশিক্ষণত সকলো ধৰনৰ অস্ত্ৰ চালনা, নিয়মানুৱৰ্তিতা,শাৰিৰীক প্ৰশিক্ষণ,কুচ কাৱাজ ,মেপ ৰিডিংকে ধৰি সকলো প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰা বুলি ব্যক্ত কৰে। দীক্ষান্ত সমাৰোহৰ অন্তত জোৱান সকলে সমৰ কলা আৰু শাৰিৰীক দক্ষতা প্ৰদৰ্শন কৰে। আজিৰ দীক্ষান্ত সমাৰোহত সশস্ত্ৰ সীমা বলৰ জ্যেষ্ঠ বিষয়া সকলৰ লগতে দীক্ষান্ত সমাৰোহত অংশ গ্ৰহন কৰা জোৱান সকলৰ আত্মীয়ই অংশ গ্ৰহন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More