তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ বৃটিছেও এতিয়াৰ দৰে কৰ জপা নাছিল

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চ : ব্ৰিটিছেও সৰ্বসাধাৰণৰ ওপৰত ইমান কৰ লগোৱা নাছিল যিমান কৰ এতিয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেশ তথা ৰাজ্যৰ ৰাইজৰ ওপৰত জাপি দিছে।এই কৰৰ বোজা নতুনকৈ হোৱা নাই,  ২০১৪ ৰ পৰা ক্ৰমান্বয়ে  ৰাইজৰ মূৰত  জাপি দিয়া হৈছে বুলি আজি তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ডা°  জয় প্ৰকাশ দাসে । তেওঁ কয় যে পহিলা  এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হোৱা ট’ল কৰ, বিদ্যুৎ মাচুল আদিয়ে ইয়াৰ প্ৰমাণ। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাসে আজি  ৰাহুল গান্ধীৰ ওপৰত ন্যায়ালয়ৰ দ্বাৰা বিজেপি চৰকাৰে কৌশল গত ভাবে মান হানিৰ গোচৰ ৰুজু কৰি যোৱা ২৩ মাৰ্চত তেওঁৰ দুবছৰ কাৰদণ্ডৰে সাংসদ পদ খাৰিজ কৰাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।তেওঁ এইসন্দৰ্ভত কয় যে, সংসদৰ মজিয়াত আদানীৰ লগত থকা গোপন ধনৰ লেন দেনৰ বিষয়ে প্ৰশ্ন কৰাৰ বাবেই গান্ধীক সংসদত বক্তব্য প্ৰদান কৰাৰ পৰা বঞ্চিত কৰা হয়।তেওঁ কয় ৰাহুল গান্ধী দেশৰ ছহিদ পৰিয়ালৰ সন্তান আৰু তেওঁৰ পৰিয়ালে দেশৰ বাবে ত্যাগ কৰি আহিছে৷ ২০০৯ ত কংগ্ৰেছে দেশত জনাদেশ লাভ কৰাৰ পিছতো ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ নকৰিলে বুলি উল্লেখ কৰি  আৰু কয় যে, ২০০৪ ত তেওঁৰ মাতৃ ছোনীয়া গান্ধীয়েও প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব পৰা সত্বেও পিছত ড° মনমোহন সিঙক প্ৰধান মন্ত্ৰীৰ পদৰ বাবে আগবঢ়াই দিয়ে। গতিকে বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে এইয়া কিহৰ ভয়ত কৰিলে ,আৰু  ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিলেও প্ৰধান মন্ত্ৰীক প্ৰশ্ন কৰাৰ পৰা বিৰত ৰাখিব নোৱাৰে বুলি মন্তব্য কৰে দাসে। তেওঁ কয় যে, সংসদত এনেধৰণৰ অভিযোগ উত্থাপিত হলে যুটীয়া সংসদীয় কমিটিয়ে পৰ্যালোচনা কৰিবলৈ দিব লাগে ,কিন্তু বৰ্তমান প্ৰধান মন্ত্ৰী মোদীয়ে কিয় যুটীয়া সংসদীয় কমিটিৰ বিষয় এৰাই চলিব ধৰিছে বুলি প্ৰশ্ন কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰজনে লগতে কয় যে,ইয়াৰ কাৰণ নিশ্চয় তেওঁৰ আদানীৰ লগত ধনৰ লেন দেনৰ সম্পৰ্ক আছে । আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এই বিষয় সমূহ বিপথে পৰিচালিত কৰিব পাৰে বুলিও আশংকা ব্যক্ত কৰে দাসে৷ মুখ্যমন্ত্ৰী শৰ্মাক তেওঁ প্ৰশ্ন কৰে যে পূৰ্বতে ড° শৰ্মাই মোদীক দেশৰ ৰিক্সাৱালা ঠেলাৱালাই চৰিয়াব লাগে বুলি মন্তব্য কৰিছিল, কিন্তু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহল।তেওঁ কয় যে,ৰাজ্যৰ  মুখ্যমন্ত্ৰীয়ে বস্তুৰ দাম বৃদ্ধি হলে অন্য এটা আঁচনি ঘোষণা কৰি আহিছে, আৰু ৰাজ্যৰ ধাৰৰ পৰিমাণ এক লাখ ৩০ হেজাৰ কোটি টকা হৈছে ৷তেওঁ লগতে কয় যে, বছৰি আঠ  হেজাৰ কোটি টকাৰ ঋণৰ সূত প্ৰদান কৰিব লাগে৷  গতিকে ৰাজ্য চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি কৰি জনসাধাৰণৰ মূৰত কৰৰ বোজা জাপি দিয়া বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ জনে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More