তেজপুৰত “কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ” শীৰ্ষক গ্ৰন্থ উন্মোচন

লেখক অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তোক্ষেশ্বৰ বৰা 

0 32

  দেশত বিলুপ্ত হ’ল ৪৫০ প্ৰজাতিৰ উদ্ভিদ আৰু ১৫০ প্ৰজাতিৰ প্ৰাণী – ড° ভূপেন শইকীয়াঃ সাধনাই একোজন লেখকক অগ্নি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাই – পূৰ্ণেশ্বৰ নাথঃ প্ৰত্যেক মানুহৰ আনুভূতিক তাগিদাৰ পৰা সৃষ্টি হয় ভাল গ্ৰন্থ – মাণিক বড়া

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২১ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ দিশটোৰ ওপৰত বিশ্লেষণাত্মক তথ্য আগবঢ়াই তেজপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াই ৰচনা কৰা “কনজাৰভেশ্যন অব ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ” শীৰ্ষক এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আজি তেজপুৰৰ শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত উন্মোচিত হয়। তেজপুৰৰ নিকামূল গহন নগৰ নিবাসী অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা তেজপুৰৰ এগৰাকী সক্ৰিয় সমাজকৰ্মী তোক্ষেশ্বৰ বৰাই নিজৰ কৰ্মজীৱনৰ বিভিন্ন মুহূৰ্তত দেখা পোৱা বন ধ্বংস আৰু বন্যপ্ৰাণীৰ অসুৰক্ষিত অৱস্থা প্ৰত্যক্ষ কৰি ৰচনা কৰা এলানি প্ৰবন্ধ দ্য আছাম ট্ৰিবিউন কাকতকে ধৰি একাংশ কাকতত প্ৰকাশ কৰিছিল। প্ৰকাশ পোৱা এই প্ৰবন্ধ সমূহ সচেতন পাঠক সমাজে প্ৰশংসা কৰাৰ পিছত গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াই আৰু আজি তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথ, বিশিষ্ট গল্পকাৰ মাণিক বৰাকে ধৰি একাংশ বিশিষ্ট লোকৰ উপস্থিতিত এক বিশেষ অনুষ্ঠানত উন্মোচন কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি, তথা বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক ড° ভূপেন শইকীয়াই। শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ পৌৰোহিত্যত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে গ্ৰন্থখনৰ স্ৰষ্টা তোক্ষেশ্বৰ বৰাই বনাঞ্চল আৰু বন্যপ্ৰাণীৰ দুৰ্দশাৰ ছবিখন নিজৰ চাকৰি জীৱনত প্ৰত্যক্ষ কৰাৰ পিছত অন্তৰত যি অনুভূতিৰ সঞ্চাৰ হৈছিল তাক লিপিৱদ্ধ কৰাৰ ফচলেই এই গ্ৰন্থখন বুলি উল্লেখ কৰি এতিয়ালৈকে আমাৰ ৰাজ্যখনতো কেনেদৰে বনাঞ্চল সংকুচিত হৈ আহিছে আৰু বিভিন্ন সময়ত আপুৰুগীয়া বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে তাক উদাহৰণসহ সদৰী কৰি বনাঞ্চল সুৰক্ষা আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।আনহাতে গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰি ড° ভূপেন শইকীয়াই সমগ্ৰ বিশ্বৰ ভিতৰতে জৈৱবৈচিত্ৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ বুলি কৈ ভাৰতত ৪৭ হাজাৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ৮১ হাজাৰ বন্যপ্ৰাণী আছিল যদিও বৰ্তমান ইয়াৰে ৪৫০ প্ৰজাতি উদ্ভিদ যেনেদৰে বিলুপ্ত হৈ পৰিছে আৰু একেদৰে ১৫০ টা প্ৰজাতিৰ প্ৰাণী বিলুপ্ত হোৱাৰ তথ্য সদৰী কৰি অসমত থাকিব লগা ৩৩ শতাংশ বনাঞ্চলৰ ভিতৰত মাত্ৰ ১১ শতাংশ মানহে আছেগৈ বুলি উদ্বেগ প্ৰকাশ কৰে। অৰণ্য নেথাকিলে কেনেকৈ বন্যপ্ৰাণী সুৰক্ষিত হ’ব বুলি কৈ বিভিন্ন সময়ত প্ৰকৃতিৰ ওপৰত চলা মানুহৰ আক্ৰমণৰ সমান্তৰাল ভাবে চৰকাৰী কেতবোৰ উন্নয়নমূলক আঁচনি ৰূপায়নৰ ফলতো বনধ্বংস হোৱাৰ তথ্য সদৰী কৰি ড° শইকীয়াই পথ নিৰ্মাণকে ধৰি আন কেতবোৰ চৰকাৰী আঁচনি ৰূপায়নৰ বাবে বনাঞ্চল ধংসৰ উদাহৰণ দাঙি ধৰে।অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে যাদৱ পায়েঙৰ কৰ্ম আৰু আদৰ্শ ভালকৈ জানিলে বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত সকলো সজাগ হ’ব বুলি মন্তব্য কৰি তোক্ষেশ্বৰ বৰাৰ এই গ্ৰন্থখন এখন ভাল গ্ৰন্থ হ’ব বুলি কৈ ভাল গ্ৰন্থ এখন লেখি উলিয়াবলৈ কঠোৰ সাধনাৰ প্ৰয়োজন আৰু তেনে সাধনাৰেই এইখন ফচল বুলি মন্তব্য কৰে। মানুহে ভাল কিতাপ এখন লিখিবলৈ জীৱনজোৰা সাধনা কৰে আৰু একোজন লেখকক অগ্নি পৰীক্ষাত উত্তীৰ্ণ কৰোৱাই বুলি কৈ তোক্ষেশ্বৰ বৰাৰ গ্ৰন্থখনৰ প্ৰশংসা কৰে। সভাপতিৰ আসনৰ পৰা সঞ্জীৱ হাজৰিকায়ো ভাষণ প্ৰদান কৰি এই গ্ৰন্থখনে এক বিশেষ বাৰ্তা দিবলৈ সক্ষম হ’ব বুলি কোৱা অনুষ্ঠানটিত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰা বিশিষ্ট গল্পকাৰ মাণিক বৰাই প্ৰত্যেক মানুহৰেই আনুভূতিক তাগিদা যেনেদৰে থাকে প্ৰশাসনিক বিষয়া তোক্ষেশ্বৰ বৰাৰো অনুভূতিশীল মনটো সাৰ পাই উঠাৰ পিছত এই বিশেষ গ্ৰন্থখনৰ সৃষ্টি হয় বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More