তেজপুৰত “কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী” ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

গঢ় দিওঁতা ৩৭ গৰাকী প্ৰয়াত ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি - স্মৃতিচাৰণ

0 45

পূৰ্বজ সকলৰ নিষ্ঠা – একাগ্ৰতাৰে বৰ্তমান প্ৰজন্মক অগ্ৰসৰ হ’বলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসৰ

জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই উদ্বোধন কৰিলে চৰকাৰৰ “দৰ্শন আঁচনি” ৰ নৱনিৰ্মিত “যাত্ৰী নিবাস”

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২ নবেম্বৰঃ তেজপুৰ চহৰৰ সামাজিক – সাংস্কৃতিক – আধ্যাত্মিক তথা ধৰ্মীয় অনুষ্ঠান “কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী” ৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত পুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰিল ধৰ্মমণ্ডলী প্ৰাংগণ। পুৱা সভাপতি শ্ৰীমন্ত ডেকাৰ দ্বাৰা পতাকা উত্তোলন, সাধাৰণ সম্পাদক শ্যাম বৰুৱাৰ দ্বাৰা স্মৃতি তৰ্পণ মুকলি, বিষ্ণু পূজা আৰু হোম যজ্ঞ, আই মাতৃ সকলৰ সমূহীয়া নাম প্ৰসঙ্গৰ পিছত এই ১০৮ বছৰীয়া অনুষ্ঠানটি গঢ় দিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি ইতিমধ্যে প্ৰয়াত হোৱা ৩৭ গৰাকী বদান্য ব্যক্তিৰ স্মৃতিচাৰণ সম্পন্ন হয়। মণ্ডলীৰ সভাপতি শ্ৰীমন্ত ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাসে ৩৭ গৰাকীকৈ বদান্য লোকৰ ত্যাগ আৰু নিষ্ঠাৰে গঢ়ি উঠা এনে এটা অনুষ্ঠানে যোগাত্মক কৰ্মসূচী গ্ৰহণ কৰি শতবৰ্ষতকৈও অধিক বৰ্ষ অতিক্ৰম কৰাতো এক আশাব্যঞ্জক খবৰ বুলি কৈ বৰ্তমান প্ৰজন্ময়ো সেই একে আদৰ্শেৰে অগ্ৰসৰ হৈ অনুষ্ঠানটিৰ উত্তৰণৰ হকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহণ কৰা স্মৃতিচাৰণ অনুষ্ঠানত বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটেও কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীয়ে তেজপুৰত এক সুস্থ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিবলৈ সক্ষম হৈছে বুলি কৈ অনুষ্ঠানটি গঢ় দিয়া নিষ্ঠাবান সমাজকৰ্মী সকলক স্মৰণ কৰে। সেইদৰে তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই এই বিশেষ সামাজিক – সংস্কৃতিক, আধ্যাত্মিক আৰু ধৰ্মীয় অনুষ্ঠানটি গঢ়ি তোলাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা বহুকেইগৰাকীৰ নাম স্মৰণ কৰি তেওঁলোকৰ একাগ্ৰতা আৰু সামাজিক দায়বদ্ধতাৰ স্মৰণ কৰে। আনহাতে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অসম চৰকাৰৰ দৰ্শন আঁচনিৰ অধীনত মণ্ডলীয়ে নিৰ্মাণ কৰা “যাত্ৰী নিবাস” টি গায়ন বায়নৰ খোল তাল বাদনৰ মাজত এক মাংগলিক পৰিৱেশত ফিটা কাটি শুভ উদ্বোধন কৰে শোণিতপুৰ জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই। মণ্ডলীৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত উদ্বোধনী ভাষণত অসম চৰকাৰৰ “দৰ্শন আঁচনি” ৰ গুৰুত্বৰ প্ৰসংগ উত্থাপন কৰি জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাই তেজপুৰ চহৰৰ এই অনুষ্ঠানটিৰ এই যাত্ৰী নিবাসৰ দ্বাৰা তেজপুৰলৈ অহা তীৰ্থ যাত্ৰী সকল উপকৃত হ’ব বুলি কৈ মণ্ডলীৰ এনে প্ৰয়াসৰ শলাগ লয়। উল্লেখ্য যে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানতে ইয়াৰ
লগত বিশেষ ভাবে জৰিত বহুকেইগৰাকী লোকৰ পৰিয়ালক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More