তেজপুৰত গুণোৎসৱত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ

অসমীয়া মাধ্যমৰ এনে বিদ্যালয়ে আন বিদ্যালয়ক প্ৰেৰণা যোগাবঃ বৰঠাকুৰ

0 17
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ জুনঃ শোণিতপুৰত গুণোৎসৱৰ আজি দ্বিতীয় দিনটোত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে নিজেই বহী মূল্যায়ক অৰ্থাৎ বাহ্যিক একষ্ট্ৰাৰনেল ইভালুৱেটৰ হিচাপে অংশ গ্ৰহণ কৰিলে তেজপুৰৰ ঐতিহ্যমণ্ডিত চিলভাৰ জুবিলী প্ৰাথমিক বিদ্যালয়ত।ৰাজ্যৰ অসমীয়া মাধ্যমৰ অন্যতম বিদ্যালয়খনৰ ৮৭৩ গৰাকী শিক্ষাৰ্থী আৰু ৩১গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগত  সমগ্ৰ দিনটো এগৰাকী শিক্ষকৰ ভূমিকাৰে পাৰ কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত মান পৰ্যবেক্ষণ কৰে অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে। উল্লেখ্য যে, অসম চৰকাৰৰ বিভিন্ন বিভাগত  দক্ষতাৰে সেৱা আগবঢ়াই অহা ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া গৰাকীয়ে বিদ্যালয়খনৰ গুণোৎসৱৰ প্ৰাৰ্থনা সভাৰ পৰা সকলো কাৰ্যসূচীতে অংশ গ্ৰহণ কৰি আজিৰ গুণোৎসৱৰ কাৰ্যসূচীত অভিভাৱক আৰু স্থানীয় ৰাইজৰ ব্যাপক অংশ গ্ৰহণ দেখি  অভিভূত হৈ পৰে। পিছত সাংবাদিকৰ আগত সাধাৰণতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ অনিহাৰ কথা যেনেদৰে সৰ্বত্ৰে চৰ্চা হৈ আহিছল তাৰ বিপৰীত ছবি এই বিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে বুলি তেওঁ মন্তব্য কৰে। চহৰত থকা এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ এনে হাৰ অতি আশাব্যঞ্জক হোৱাৰ লগতে অভিভাৱকৰ যি অংশগ্ৰহণ সেয়া এক ইতিবাচক দিশ বুলি মন্তব্য কৰি এনেদৰে যদি সকলো বিদ্যালয়ক ৰাইজে ভালদৰে চোৱাচিতা কৰে তেনেহলে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনিহা অচিৰেই দূৰ হোৱাতো নিশ্চিত বুলি কৈ এই বিদ্যালয়খনে আন আন বিদ্যালয়ক অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে বিষয়াজনে। আনহাতে আজি দ্বিতীয় দিনটোত তেজপুৰৰ আন এখন ঐতিহ্যমণ্ডিত বিদ্যালয় তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো গুণোৎসৱ সম্পন্ন হয়। গুণোৎসৱৰ আওতাত পৰা প্ৰায় ৫৪০ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰা তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মাৰ পৰা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকালৈকে অসমৰ জাতীয় জীৱনৰ বহুজন প্ৰাতঃস্মৰণীয় পুৰোধাই অধ্যয়ন কৰা বিদ্যালয়খনতো আজি গুণোৎসৱ উপলক্ষে এক বিশেষ পৰিৱেশৰ সৃষ্টি হয়। শতাধিক অভিভাৱক, বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ লগতে বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ উপস্থিতিত বিদ্যালয়খনত বহী মূল্যায়ক হিচাপে উপস্থিত থকা কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজু পোখৰেল আৰু গোপাল মিলিক ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰিঞ্জুমণি নেওগ বৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে উষ্ম আদৰণি জনোৱাৰ পিছত অতি দৃষ্টিনন্দন প্ৰাৰ্থনা সভাৰে গুণোৎসৱ শুভাৰম্ভ হয়।বিধায়ক ৰাভাই ইয়াত শিক্ষকৰ ভূমিকাতো অৱতীৰ্ণ হয়।একেদৰে তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি বাহ্যিক মূল্যায়নৰ দ্বিতীয় দিনটোত শোণিতপুৰৰ কাৱৈমাৰীৰ যুগল উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজ আৰু অভিভাৱকৰ এক উৎসাহজনক পৰিৱেশৰ সৃষ্টি হয়। বিদ্যায়তনিক ক্ষেত্ৰৰ লগতে সামাজিক-সংস্কৃতিক অনুষ্ঠান সম্পন্ন কৰা আৰু বিদ্যালয় চৌহদত কৃষি- কৰ্মেৰে জিলাখনৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত বিশেষ কৃতীত্ত্বৰ পৰিচয় দি অহা বিদ্যালয়খনৰ গুণোৎসৱৰ আজি মূল দিনটোত অৰ্থাৎ বাহ্যিক মূল্যায়নৰ দিনটোত শিক্ষাৰ্থীসকলৰ শৃংখলিত অভিবাদন, প্ৰাৰ্থনা সভা আৰু বিশেষ সাংস্কৃতিক  এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে বিদ্যালয় প্ৰাংগনত।বিদ্যালয়খনত বৰ্হি মূল্যায়ক হিচাপে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জয় সাহা আৰু দৰং মহাবিদ্যালয়ৰ অধ্যাপিকা মনিষা বৈশ্য উপস্থিত থাকে। বহী মূল্যায়ক দুগৰাকীক প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে আদৰণি জনোৱাৰ পিছতেই বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, শিক্ষক-কৰ্মচাৰী গোট, মাতৃ গোটে ফুলাম গামোচাৰে আদৰণি জনায়। ইয়াৰ পিচতে স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰে মূল্যায়কদ্বয়ে। বিদ্যালয়খনৰ ছাত্ৰই খোল-তালেৰে বহী মূল্যায়কদ্বয়ক আদৰণি জনোৱাৰ পিছতেই সকলো ছাত্ৰ-ছাত্ৰীয়ে আদৰণি জনাই আৰু ছাত্ৰী পূজা বড়োৱে গুৰু বন্দনা পৰিৱেশন কৰে। ইয়াৰ পিছতেই এনেদৰে প্ৰাতঃসভা আৰম্ভ হয় আৰু ইয়াৰ পাছতে  পৰীক্ষা আৰম্ভ হয়। মূল্যায়কদ্বয়ে অভিভাৱক তথা ৰাইজৰ স’তে মত বিনিময় কৰে।আনহাতে, ১৯৩৬ত তেজপুৰত স্থাপিত তেজপুৰ বেংগলী বালক উচ্চ মাধ্যমিক বিদ্যালয়তো স্থানীয় বিধায়ক পৃথ্বিৰাজ ৰাভা উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰাৰ উপৰি শিক্ষকৰ ৰূপত ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাই।মুঠ ৮৩৯ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত পুৰণা শৈক্ষিক পৰিৱেশৰ মাজত নিজকে পাই বিধায়ক ৰাভা অভিভূত হৈ পৰে।আনহাতে বিদ্যালয়খনৰ অধ্যক্ষ স্বপন চৰকাৰে বিধায়ক ৰাভাৰ লগত ছাত্ৰ-ছাত্ৰীসকলৰ বহিৰ মূল্যাংকন কৰে।বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৌতম দাসো উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More