তেজপুৰত ঘাতক অচিন্ত্য দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ অধিক অস্ত্ৰ-শস্ত্ৰ

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯মাৰ্চঃ তেজপুৰত কালি কনিষ্ঠ ভ্ৰাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আজি ঘাতক ভ্ৰাতৃ অচিন্ত্য দাসে কয় যে সেই সময়ত তেওঁ সুৰাপান কৰি আছিল৷ আনহাতে পূৰ্বৰে পৰাই বিভিন্ন অভিযোগ উত্থাপন হৈ থকা ঘাতক অচিন্ত্যই হত্যাকাণ্ডত ব্যৱহাৰ কৰা ৰিভলভাৰটোৰ উপৰিও ভালেসংখ্যক মাৰণাস্ত্ৰ অবৈধ ভাবে মজুত ৰাখিছিল গাৰোৱানপট্টীৰ বাসভৱনত৷ তদুপৰি এসময়ত ত্ৰাসৰ সৃষ্টি কৰা প্ৰয়াত ছালফা কৃষ্ণ হাজৰিকাৰো সহযোগী আছিল হত্যাকাৰী অচিন্ত্য৷ উল্লেখযোগ্য যে,কালি চাঞ্চল্য সৃষ্টি কৰা হত্যাকাণ্ডটোৰে জড়িত অচিন্ত্য দাসৰ লগতে আৰক্ষীয়ে তেওঁৰ পুত্ৰ নিশিকেষ দাসকো গ্ৰেপ্তাৰ কৰিছে৷ আনহাতে,আজি আৰক্ষীক অচিন্ত্য দাসে ভ্ৰাতৃক গুলীয়াই হত্যা কৰাৰ বিষয়ে স্বীকাৰ কৰি এই কাণ্ড ঘৰুৱা মনোমালিন্যৰ বাবেই ঘটা বুলি ক’লেও নিহত তথা হত্যাকাৰীৰ আত্মীয়ই এনে কোনো বিবাদ নাছিল বুলি উল্লেখ কৰে৷পূৰ্বৰে পৰাই উদণ্ড অচিন্ত্যই আজি সংবাদ মাধ্যমৰ আগত কনিষ্ঠ ভ্ৰাতৃক হত্যা কৰি “বেয়া লগা”বুলি ক’লেও সেই সময়তো হত্যাকাৰীজনৰ মুখত হাঁহি বিৰিঙি আছিল৷ ইপিনে আজি তেজপুৰ আৰক্ষীয়ে অচিন্ত্য দাসৰ গাৰোৱানপট্টিস্হিত বাসগৃহত তালাচী চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ বন্দুকৰ লগতে গুলীসহ চোকা অস্ত্ৰ ৷আজি অচিন্ত্যৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩.২ বৰৰ বন্দুকৰ গুলীসহ ২৮৮ জাঁই সজীৱ গুলী, এটা ৭.৬৫ পিষ্টল,এটা ১২ব’ৰৰ ৰাইফল আৰু ছয়জাঁই সজীৱ গুলীৰ উপৰি তিনিখন খুকুৰি৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে অচিন্ত্য দাস এজন ছালফা আৰু উদ্ধাৰ কৰা মাৰণাস্ত্ৰ সমূহ তেওঁ অবৈধ ভাবে মজুত ৰাখিছিল৷ তদুপৰি,অনুজ্ঞাপত্ৰ মাৰনাস্ত্ৰটোৰ লগতে ঘাতক অচিন্ত্যই গোপনে মজুত ৰাখিছিল বহু পৰিমাণৰ গুলী৷ আনহাতে, অচিন্ত্য দাসৰ বিৰুদ্ধে তেজপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০বি,৩০২,৩২৫,৩০৭,৩২৩,৩৮৪,৪২৭আৰ ডব্লিউ২৭(১)অস্ত্ৰ শস্ত্ৰ ধাৰাৰ অধীনত ২৫৪/২৩ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ ইপিনে, এসময়ত ছালফা প্ৰয়াত কৃষ্ণ হাজৰিকাৰ লগত তেজপুৰত ধনদাবীৰ ঘটনাৰেও জড়িত থকা বুলি অভিযোগ উঠা অচিন্ত্যই প্ৰায় ৩০বছৰ পূৰ্বেই আলফা সদস্য হিচাপে আত্মসমৰ্পণ কৰিছিল৷ ইপিনে নৃশংস ঘটনাটোৰ বলি তথা ঘাতকৰ ভ্ৰাতৃ নিহত বিষ্ণু দাসৰ পৰিয়ালে দোষীক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে৷ই পিনে এজন ছালফাৰ ঘৰত বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ এনেদৰে বৰ্তমানেও মজুত থকা বিষয়টোৱে সৰ্বসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More