তেজপুৰত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে এবিভিপিৰ প্ৰতিবাদ

গণিত আৰু বিজ্ঞানৰ শিক্ষা ইংৰাজী ভাষাত : ৰাষ্ট্ৰীয় শিক্ষানীতিক নস্যাৎ কৰাৰ অভিযোগ

0 15
শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৬আগষ্ট: ৰাজ্য চৰকাৰে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে৷ আজি তেজপুৰৰ আদালত চাৰিআলিত  ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এ বি ভি পি ৰ সদস্য সকলে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰিয়েই মাতৃভাষাত পাঠ দান কৰাৰ দাবী জনায় গণ স্বাক্ষৰ অভিযানো ৰূপায়ণ কৰে৷উল্লেখযোগ্য যে,ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠ দান কৰিবলৈ ওলোৱাটোৱে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক নস্যাৎ কৰাৰ অভিযোগ কৰে এবিভিপিয়ে৷ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি,প্ৰাৰম্ভিক পৰ্যায়ৰ শিক্ষা ছাত্ৰছাত্ৰী সকলক মাতৃভাষাত দিয়াৰ কথা কোৱা হৈছে বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী সকলে এনে অৱস্থাত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পৰিপন্থী বুলিও কয়৷১৯৮৬ৰ পৰাই বিদ্যাৰ্থী পৰিষদে মেক্লয়দ শিক্ষানীতিৰ পৰিৱৰ্তে দেশীয় শিক্ষানীতি বলৱৎ কৰাৰ বাবে দাবী জনাই অহাৰ বিপৰীতে ২০২০ত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি বলৱৎ কৰিবলৈ আগবাঢ়ি আহে বুলি দোহাৰি এবিভিপিৰ সদস্য সকলে আৰু কয় যে,এনে অৱস্থাত ৰাজ্য চৰকাৰৰ সিদ্ধান্তই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিপৰীতে গৈছে৷ আমাৰ দাবী মানিবই লাগিব,কেবিনেটৰ সিদ্ধান্ত বিবেচনা কৰক,জয় আই অসম আদি ধ্বনিৰে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰা এবিভিপিৰ সদস্য সকলে ৰাজ্যৰ বিদ্যালয়ত গণিত আৰু বিজ্ঞানৰ শিক্ষা ইংৰাজী মাধ্যমত দিয়াৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বাতিলৰো দাবী জনায়৷উল্লেখযোগ্য যে৷ এবিভিপিয়ে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ মাজত এই সন্দৰ্ভত এক গণস্বাক্ষৰ অভিযান চলোৱাৰ লগতে চৰকাৰী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More