তেজপুৰত ছখন জিলাৰ ৭৬ গৰাকী মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ

0 28

বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ উদ্দেশ্যৰে তেজপুৰত ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষাৰ “নিপুণ” আঁচনিৰ মাষ্টাৰ ট্ৰেইনাৰৰ চাৰিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৭ ডিচেম্বৰ : “বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান” ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত দেশজুৰি আৰম্ভ হোৱা এফ এল এন আঁচনি অসমত “নিপুণ” নামেৰে ২০২১ বৰ্ষৰ ১৬ নবেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰাৰ পিছত ৰাজ্যখনৰ শিক্ষা বিভাগৰ “সমগ্ৰ শিক্ষা “ই ৰাজ্যজুৰি কাৰ্যক্ষম কৰিবলৈ হাতত লোৱাৰ পিছত আজি তেজপুৰত পাঁচখন জিলাৰ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে নিৰ্বাচিত কৰা শিক্ষক – শিক্ষয়িত্ৰী তথা একাংশ চি আৰ চিৰ চাৰিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা শুভাৰম্ভ হয়। উল্লেখ্য যে, ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ ৭৬ গৰাকী নিৰ্বাচিত মাষ্টাৰ ট্ৰেইনাৰক আজিৰ পৰা চাৰিদিনীয়াকৈ ৰাজ্যিক সমল ব্যক্তি ক্ৰমে – দৰং জিলাৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ ড০ অনুপ হাজৰিকা, শোণিতপুৰ জিলাৰ বি আৰ পি মল্লিকা দত্ত, মৰিগাঁও জিলাৰ বিষয় শিক্ষক অংগৰাগ ভূঞা আৰু নগাঁৱৰ চি আৰ চি তথা মিমিক্ৰী অভিনেতা হিমাংশু বৰ্মণে প্ৰশিক্ষণ প্ৰদান কৰাৰ পূৰ্বে আনুষ্ঠানিক ভাৱে সম্পন্ন হয় উদ্বোধনী অনুষ্ঠান। তেজপুৰৰ ৰয়েল ৰিজেন্সী হোটেলৰ সভাকক্ষত অনুষ্ঠিত আৰু তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ পত্ৰিকা সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু শোণিতপুৰ জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰভাত দাস, জিলা আঁচনি বিষয়া ৰমেন মেধিৰ উপস্থিতিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই উদ্বোধনী অনুষ্ঠানত লেপটপত বুটাম টিপি “নিপুণ” আঁচনিৰ শীৰ্ষক গীত পৰিৱেশিত কৰোঁৱা হয়। অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থী সকলক পংকজ বৰুৱাই সংকল্প বাক্য পাঠ কৰোৱাৰ লগতে জিলা আঁচনি বিষয়া ৰমেন মেধিয়ে উদ্দেশ্য ব্যাখ্যা কৰি আঁচনিখনৰ সন্দৰ্ভত সবিশেষ সদৰী কৰে। আনহাতে অনুষ্ঠানটিত উদ্বোধনী ভাষণ প্ৰদান কৰি বিধায়ক পৃথ্বিৰাজ ৰাভাই প্ৰশিক্ষাৰ্থী সকলক তেজপুৰলৈ স্বাগতম জনোৱাৰ লগতে সেৱাৰ মনোবৃত্তিৰে এই চাৰিদিনে প্ৰশিক্ষণ গ্ৰহণ কৰি নিজ নিজ অঞ্চলৰ বুনিয়াদী শিক্ষাৰ কাঠামো গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানতে প্ৰশিক্ষাৰ্থী সকলে নিজৰ নিজৰ পৰিচয় প্ৰদান কৰাৰ লগতে এই নিপুণ আঁচনিৰ সন্দৰ্ভত উপস্থিত থকা ৰাজ্যিক সমল ব্যক্তি চাৰিগৰাকীয়ে ক্ৰমশঃ প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখ্য যে, ৰাজ্যখনৰ ছটা মণ্ডলত ভাগ কৰি মাষ্টাৰ ট্ৰেইনাৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু ২০২৭ বৰ্ষৰ ভিতৰত এই আঁচনি ফলপ্ৰসূ কৰি তুলি ৰাজ্যখনত সফলকাম কৰি তোলা হ’ব বুলি শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰাই আজি উদ্বোধনী অনুষ্ঠানত জানিবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More