তেজপুৰত ডাম্পাৰৰ খুন্দাত শিশু নিহত

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ,৭নবেম্বৰঃ তেজপুৰৰ পুৰণি আলিমূৰ অঞ্চলত আজি পুৱা সংঘটিত এক শোকাবহ দুৰ্ঘটনাত অনুশ্ৰী পাল নামৰ এটি পাঁচ বছৰীয়া কন্যা শিশু নিহত হয়৷ উল্লেখযোগ্য যে,আত্মীয়ৰ পৰিয়ালৰ স’তে ঘৰত ফুৰিবলৈ অহা শিশুটিয়ে আজি মাক আৰু আইতাকৰ স’তে তেজপুৰ চহৰলৈ বুলি ওলাই অহাৰ সময়তে স্হানীয় বৰঘাট আৰক্ষী চকীৰ সমীপত এএছ১২এচি ৪৯১৮ নম্বৰৰ এখন বালি কঢ়িয়াই অনা দ্ৰুতবেগী ডাম্পাৰে শিশুটিক মহতীয়াই নিয়ে৷ঘটনা স্হলীতে শিশু অনুশ্ৰী নিহত হয়৷উল্লেখযোগ্য যে,চাৰিশৰীয়া পথ নিৰ্মাণত ব্যৱহাৰ হোৱা ডাম্পাৰ ট্ৰাকৰ অতপালি এই বৃহত্তৰ অঞ্চলত পূৰ্বৰে পৰাই অব্যাহত থকাৰ অভিযোগ উঠি আহিছে য’দিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই পৰিবহন বিভাগে৷ আজি পুৱা প্ৰায় ১০-৫০বজাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক কৰায়ত্ব কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More