তেজপুৰত দপদপ কৈ জ্বলিল বাহন

0 9

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৫জুন: তেজপুৰৰ বালিপুখুৰী তিনিআলিত আজি পুৱা প্ৰায় ৯-৩০বজাত পথৰ দাঁতিত ৰখাই থোৱা এখন বাহন হঠাৎ জ্বলি উঠাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে, বালিপুখুৰী তিনিআলিস্থিত জ্ঞান ভৰতী বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা ব্যক্তিগত এএছ১২এচি ৯৮৩৪ নম্বৰৰ বাহনখনত যান্ত্ৰিক বিজুতি ঘটি জ্বুই লাগে আৰু বাহনখন দপদপকৈ জ্বলি উঠাত সকলোৰে মাজত হাঁহাকৰ লাগে।পুৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনাৰ পাছত বিদ্যালয়ৰ শ্ৰেণী আৰম্ভ হোৱাৰ বিপৰীতে মেক্সিম’ বাহনখন পথৰ দাঁতিত ৰখাই থৈ বাহনখনৰ চালক তথা গৰাকী প্ৰসন্ন দাস ঘৰলৈ গৈছিল।সেই সময়তে এই ঘটনা সংঘটিত হয়।বাহনখনৰ আভ্যন্তৰীণ বৈদ্যুতিন সংযোগ শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবেই এনে হোৱা বুলি ধাৰণা কৰা হৈছে।বৰষুনৰ মাজতে বাহনখন দপদপাই জ্বলি উঠাৰ সময়ত অৱশ্যে বাহনখনত কোনো লোক নাছিল।পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে এই অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More