তেজপুৰত ধৰ্মপ্ৰাণ মহিলা বিদ্যাৱতী দাসৰ বিয়োগ

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৮ মাৰ্চঃ তেজপুৰৰ মাজগাঁও বৰ নামঘৰ গোপিনী সমাজৰ জ্যেষ্ঠ গোপিনী তথা নামতি বিদ্যাৱতী দাস (৮৬)ৰ আজি বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ আজি বিয়লি প্ৰায় চাৰি বজাত মাজগাঁও হাটভগা চুবুৰীৰ নিজা গৃহতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বিগত কিছুদিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাবে অসুস্থ হৈ থকা মহিলাগৰাকীয়ে সুদীৰ্ঘ সময় বৰনামঘৰৰ স’তে জড়িত থকাৰ লগতে থলুৱা পৰম্পৰাৰ বিষয়ে সকলোকে অৱগত কৰোৱাৰ লগতে মহিলা সকলক সঞ্চয় কৰাৰ বাবে উৎসাহিত কৰিছিল । গোপিনী সমাজক নেতৃত্ব দি সকলোকে আগুৱাই নিয়া ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৰনামঘৰ সমাজৰ লগতে আত্মীয় স্বজনে উপস্থিত হৈ শ্ৰদ্ধা জনাই। ইফালে বৰনামঘৰ পৰিচলনা সমিতিৰ সম্পাদক হিমাংশু শইকীয়া আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ উপদেষ্টা টংকেশ্বৰ বৰাই এখন ধৰ্ম বস্ত্ৰৰে শেষবিদায় জনোৱাৰ লগতে গোপিনী সমাজৰ হৈ দিপালী কলিতায়ো ধৰ্ম বস্ত্ৰৰে শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ, বোৱাৰী, বিবাহিত কন্যা-জোঁৱাই, নাতি – নাতিনী,ইষ্ট কুটুম্ব সহ বহুসংখ্যক গুণমুগ্ধক এৰি গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More