তেজপুৰত নটসূৰ্য্যৰ ওপজা দিনত সমাধিত আকৰ্ষণীয় “স্মৃতি সৌধ” উদ্বোধন

নৱ নিৰ্মিত "স্মৃতি সৌধ" ত বিভিন্নজনৰ শ্ৰদ্ধাঞ্জলি

0 22

তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত পৰিয়ালৰ কৃতজ্ঞতা শোণিতপুৰ জিলা প্ৰশাসনক

ফণী শৰ্মাক জীৱনে নাটক দিছিল আৰু ফণী শৰ্মাই নাটকক জীৱন দিছিল – ঐশ্বৰ্য্য কাকতি

এগৰাকী দক্ষ চলচ্চিত্ৰ অভিনেতা আৰু ফুটবল খেলুৱৈ ফণী শৰ্মাকো বিশেষ ভাবে স্মৰণ কৰিব লাগিব – পৃথ্বিৰাজ ৰাভা

সমাধিক্ষেত্ৰৰ বহুমুখী প্ৰকল্পৰ বাকী নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি সাংসদ পল্লৱলোচন দাসৰ

উত্তৰ প্ৰজন্মক অনুভৱ – অনুভূতিৰ সৈতে সংপৃক্ত হ’বলৈ এই “স্মৃতি সৌধ” বিশেষ সহায় কৰিব বুলি মন্তব্য জ্যেষ্ঠ পুত্ৰ ৰঞ্জিত শৰ্মাৰ

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ২৬ অক্টোবৰঃ নটসূৰ্য্য ফণী শৰ্মাৰ পৰিয়ালৰ লগতে তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পিছত আজি শুভাৰম্ভ হ’ল নটসূৰ্য্য ফণী শৰ্মাৰ “স্মৃতি সৌধ” ৰ । ১৯১০ চনৰ আজিৰ দিনটো অৰ্থাৎ ২৬ অক্টোবৰত জন্ম লাভ কৰা ৰাজ্যখনৰ ক্ষণজন্মা নাট্যশিল্পী, প্ৰসিদ্ধ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ পৰিচালক, দক্ষ ফুটবল খেলুৱৈ, সাহিত্যিক নটসূৰ্য্য ফণী শৰ্মাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে তেজপুৰ কলিবাৰীৰ নটসূৰ্য্য গৰাকীৰ বাসগৃহৰ কাষতেই অত দিনে পৰিত্যক্ত হৈ থকা সমাধি ক্ষেত্ৰ আকৰ্ষণীয়কৈ নিৰ্মাণ কৰাৰ বাবে বিগত সময়ত দাবী উত্থাপন হোৱাৰ পিছত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু তেজপুৰ পৌৰসভাৰ সহযোগত নিৰ্মাণ হৈ উঠা “স্মৃতি সৌধ” আজি আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে ।উল্লেখ্য যে, তেজপুৰৰ বিশিষ্ট চিত্ৰ – ভাস্কৰ্য্য শিল্পী হৰিনাৰায়ণ দাসৰ আৰ্হিৰে নটসূৰ্য্য গৰাকীৰ জীৱন শৈলী আৰু নাট্যশিল্পৰ আকৰ্ষণীয় ভাস্কৰ্যখচিত নৱ নিৰ্মিত এই “স্মৃতি সৌধ”ৰ প্ৰাংগনত উদ্বোধক তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস উপস্থিত হোৱাৰ পিছতেই তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, নটসূৰ্য্য গৰাকীৰ তিনি পুত্ৰ ক্ৰমে – ৰঞ্জিত শৰ্মা, অজিৎ শৰ্মা, সুজিত শৰ্মাৰ লগতে পৰিয়ালৰ আটাইকেইগৰাকী বোৱাৰী, কন্যা ৰুবী শৰ্মা, নাতি নৱজ্যোতি শৰ্মাৰ লগতে তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত সাংসদ গৰাকীয়ে ফিটা কাটি শুভাৰম্ভ কৰাৰ পিছত নৱ নিৰ্মিত “স্মৃতি সৌধ”ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।IMG 20221026 WA0062 বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰীয়ে মংগলাচৰণ কৰা অনুষ্ঠানটিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অতিথি সকলৰ লগতে পৰিয়ালৰ সদস্য, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াকে ধৰি বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি, অনুষ্ঠানটিৰ নিৰ্দিষ্ট বক্তা বিশিষ্ট নাট্যকাৰ পৰিচালক তথা ঔপন্যাসিক, প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতি আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ পিছত সাংসদ পল্লৱ লোচন দাসে মাংগলিক পৰিৱেশত নাৰিকল ভাঙে ।বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, ডিপোটা নাট্য মন্দিৰৰ ভূপেন বৰদলৈ, মাজগাঁও শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ সম্পাদক নগেন শইকীয়া, বিশিষ্ট চিত্ৰ – ভাস্কৰ্য্য শিল্পী হৰিনাৰায়ণ দাস, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত পংকজ নাগবংশী, সহকাৰী আয়ুক্ত নম্ৰতা দাস, শোণিতপুৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস আদিৰ উপস্থিতি উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই প্ৰাৰম্ভিক ভাবে সৌধটি নিৰ্মাণ কৰা হৈছে যদিও ইয়াৰ প্ৰস্তাবিত প্ৰকল্পৰ অধীনত সমাধি ক্ষেত্ৰত নিৰ্মাণ হ’ব লগা এটি পুখুৰী, ফুলৰ বাগিছা, মুকলি মঞ্চ, নটসূৰ্য্যৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি, ৰাজহুৱা শৌচাগাৰকে ধৰি আন নিৰ্মাণ সমূহ পৰ্যায় ক্ৰমে বিভিন্ন শিতানৰ ধনৰাশিৰে অচিৰেই সম্পন্ন কৰা হ’ব বুলি ঘোষণা কৰে। আনহাতে নটসূৰ্য্য গৰাকীৰ জ্যেষ্ঠ পুত্ৰ ৰঞ্জিত শৰ্মাইও ভাষণ প্ৰদান কৰি জিলা প্ৰশাসনৰ এনে পদক্ষেপৰ শলাগ লৈ দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ অন্তত নিৰ্মাণ হোৱা এই কীৰ্ত্তিস্তমভই যাতে উত্তৰ প্ৰজন্মক বিশেষ ভাবে অনুপ্ৰাণিত কৰি অনুভৱ – অনুভূতিৰ সংপৃক্ত হ’ব পৰা কৰিব পাৰে তাৰ আশা ব্যক্ত কৰে। অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থকা বিশিষ্ট নাট্যকাৰ পৰিচালক তথা লেখক ঐশ্বৰ্য্য কাকতিয়ে ফণী শৰ্মাক জীৱনে নাটক দিছিল আৰু ফণী শৰ্মাই নাটকক জীৱন দিছিল বুলি কৈ এই দুয়োটা দিশেই নটসূৰ্য্যৰ জীৱনটোৰ লগত সংপৃক্ত হৈ আছিল বুলি মন্তব্য কৰি শিশু অৱস্থাত নটসূৰ্য্য পৰিচালিত নাটকত অভিনয় কৰা স্মৃতি ৰোমন্থন কৰে। উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই নটসূৰ্য্য গৰাকীৰ প্ৰতিভাৰ বিভিন্ন দিশ বিশেষকৈ এগৰাকী দক্ষ চলচ্চিত্ৰ অভিনেতাৰ দিশটো সুপ্ত হৈ থকাৰ প্ৰসংগ উত্থাপন কৰি ফণী শৰ্মাই অভিনয় কৰা চলচ্চিত্ৰ সমূহৰ নাম উল্লেখ কৰাৰ লগতে এগৰাকী দক্ষ ফুটবল খেলুৱৈ হিচাপে ফণী শৰ্মাৰ সেই সময়ৰ বহু স্মৃতি ৰোমন্থন কৰে। বিধায়ক পৃথ্বিৰাজ ৰাভাই তদানীন্তন উপায়ুক্ত ভূপেশ চন্দ্র দাসৰ জৰিয়তে এই “স্মৃতি সৌধ” নিৰ্মাণৰ পৰিকল্পনাৰ পিছত আজি সাকাৰ ৰূপ ধাৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰ পৌৰসভাৰ তৎপৰতাৰ প্ৰশংসা কৰে। নটসূৰ্য্যৰ নাতি নৱজ্যোতি শৰ্মাই এই অনুষ্ঠানৰ মাজতে নটসূৰ্য্যৰ কালজয়ী নাটক “কিয়” ৰ এটি সংলাপ পৰিৱেশন কৰি সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলা আৰু শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিৰ মুখ্য অতিথি সাংসদ পল্লৱ লোচন দাসে নিজে নটসূৰ্য্য, কলাগুৰু, ৰূপকোঁৱৰৰ দৰে মণিষীৰ কৰ্ম সাধনাৰ স্হলী শোণিতপুৰৰ সন্তান হিচাপে সদায় গৌৰৱ অনুভৱ কৰে বুলি মন্তব্য কৰি নিজৰ ভাষণত নটসূৰ্য্য ফণী শৰ্মাৰ জীৱন – দৰ্শনে প্ৰত্যেক গৰাকী লোককে আকৰ্ষিত কৰি আহিছে বুলি কৈ সমাধি ক্ষেত্ৰৰ আন কাম সমূহ সম্পন্ন হোৱাৰ বাবে আৱশ্যকীয় ধনৰাশি অনুমোদনৰ বাবে মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত মিলিত হৈ অচিৰেই সম্পুৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে, এই অনুষ্ঠানৰ মাজতে নিৰ্মাণৰ আৰ্হি প্ৰস্তুত কৰি নিৰ্মাণৰ শিল্পী হিচাপে জড়িত হৈ থকা চিত্ৰ – ভাস্কৰ্য্য শিল্পী হৰিনাৰায়ণ দাসে সাংবাদিকৰ আগত এই নিৰ্মাণত তেজপুৰীয়া হিচাপে এক চেন্টিমেন্ট জড়িত হৈ আছে বুলি কৈ ৰাইজৰ হেঁপাহ ফলৱৰ্তী কৰিবলৈ এই নিৰ্মাণত কিঞ্চিতো ত্ৰুটী কৰা নাই বুলি কৈ ৩৪ ফুট উচ্চ এই “স্মৃতি সৌধ” নিৰ্মাণত জড়িত হৈ এক প্ৰত্যাহবানৰ সন্মুখীন হ’ব লগা হৈছিল বুলি মন্তব্য কৰে। কংক্ৰিটৰ নিৰ্মাণত ফাইভাৰ সংপৃক্ত ভাস্কৰ্য সমূহত সহযোগী শিল্পী ৰাজুমণি দাসেও সহযোগিতা আগবঢ়োৱাৰ প্ৰসংগ উত্থাপন কৰি এনে শিল্পী সকল যিহেতু অসম আৰু অসমীয়াৰ স্বাভিমান সেয়েহে নিৰ্মাণত ধনৰ কথা কেতিয়াও ভবা নাছিলোঁ বুলি চিত্ৰ – ভাস্কৰ্য্য শিল্পী হৰিনাৰায়ণ দাসে মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More