তেজপুৰত নেহা কক্কৰ নাইটক লৈ ৰহস্যঃ জিলা ক্ৰীড়া সন্হাৰ অভিযোগ

0 29

শতাব্দ প্ৰতিনিধি তেজপুৰ ,২৩জুন: দেশৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰে তেজপুৰত অহা ৩১জুলাইত তেজপুৰৰ পলফিল্ডত অনুষ্ঠান পৰিৱেশন কৰিব বুলি প্ৰচাৰ আৰু টিকট বিক্ৰীৰ ঘটনাই তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই লৈ তেজপুৰত সম্প্ৰতি চৰ্চা চলাই নহয় ইতিমধ্যেই ইয়াৰ বাবে ব্যয়বহুল প্ৰৱেশপত্ৰৰ বিক্ৰীৰো আৰম্ভ হৈছে। নিৰ্ধাৰিত তাৰিখৰ সন্ধিয়াৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ আয়োজক এ১২নামৰ এটা সংস্থা । অজ্ঞাত সংস্থাটোৱে কক্কৰৰ অনুষ্ঠান পলফিল্ডত অনুষ্ঠিত হ’ব বুলি টিকটত উল্লেখ কৰাৰ পাছতে এই ক্ষেত্ৰত তৎপৰ হয় তেজপুৰ জিলা ক্ৰীড়া সন্হা। উল্লেখযোগ্য যে,তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ নিজা খেলপথাৰ এই পলফিল্ড। কিন্তু ইয়াত নেহা কক্কৰৰ অনুষ্ঠান সন্দৰ্ভত কোনো কথাই অৱগত নহয় ক্ৰীড়া সন্হাটো। তদুপৰি এনে অনুষ্ঠান এইখন খেলপথাৰত অনুষ্ঠিত কৰিবলৈ দিয়াই নহয়। আনহাতে ক্ৰীড়া সন্হাৰ বাহিৰে যিকোনো আন সংস্থাই ইয়াত ক্ৰীড়া সূচী আয়োজন কৰিবলৈ হ’লেও আগতীয়াকৈ লিখিত অনুমতি ল’ব লাগে তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ পৰা । কিন্তু এইবিষয়ে কোনোধৰণৰ যোগাযোগো নোহোৱাকৈ এটা অখ্যাত অনুস্থানে নেহা কক্কৰৰ নামত আৰম্ভ কৰা প্ৰচাৰ আৰু টিকট বিক্ৰীৰ ঘটনাত ক্ষুব্ধ তেজপুৰ জিলা ক্ৰীড়া সন্হাই এই বিষয়ে কালি শোণিতপুৰৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰি বিষয়টোৰ এক তদন্ত দাবী কৰে। দৈনিক বিভিন্ন খেলৰ অনুশীলন হোৱা খেলপথাৰত ৩১জুলাইৰ বিয়লি এক বৃহৎ সংগীত অনুষ্ঠানৰ আয়োজন কৰা তথা ইয়াৰ আঁৰত অখ্যাত তথা স্পষ্ট ঠিকনা নোহোৱা এটা সংস্থাই বিভিন্ন মাধ্যমত টিকট বিক্ৰী আৰম্ভ কৰা ঘটনাটো ৰহস্যজনক বুলি চৰ্চিত হোৱাৰ লগতে এই সন্দৰ্ভত শোণিতপুৰ প্ৰশাসনৰো কোনো অনুমতি লোৱা হোৱা নাই বুলি জানিব পৰা গৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More