তেজপুৰত পথদুৰ্ঘটনা:নিহত এজন

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৯ডিচেম্বৰ: তেজপুৰৰ গৰৈমাৰীত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত ৰঞ্জিত দাস(৫০)নামৰ এজন লোক নিহত হয়।উল্লেখযোগ্য যে,১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰে বালিপৰা দিশৰ পৰা তেজপুৰৰ অভিমুখে আহি থকা এএছ১২এএফ৪৬১১নম্বৰৰ মাৰুতি বাহনখনে পথটো পাৰ হ’বলৈ ধৰা অৱস্থাতে গৰৈমাৰীৰ নিবাসী দাসক খুন্দা মাৰে। ফলত লোকজন থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে পলায়ন কৰে যদিও শালনিবাৰী আৰক্ষীয়ে অনুসৰণ কৰি গাড়ীখন জব্দ কৰিবলৈ সক্ষম৷ কিন্তু ইয়াৰ পূৰ্বেই গাড়ীখনৰ চালকজন পলাই যাবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More