তেজপুৰত পহিলা জানুৱাৰীৰ “নাটকৰ দিন” উদযাপন

জে বি প্ৰডাকচনৰ প্ৰয়াসত নাট্যশিল্পীৰ সংলাপ, গীত, নৃত্যৰে জীপাল হ'ল জে বি প্ৰডাকচনৰ আখৰা গৃহ

0 15

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ জানুৱাৰী : নাটক আমাৰ জীৱন, নাটকেই আমাৰ খাদ্য। সেয়েহে নাটক আমাৰ বাবে জিন্দাবাদ। নাটকখন অবিহনে আমি কোনো ক্ষেত্ৰতে মানসিক প্ৰশান্তি লাভ কৰিব নোৱাৰোঁ বুলি আজি সন্ধিয়া তেজপুৰৰ জে বি প্ৰডাকচনৰ আখৰা গৃহত মন্তব্য কৰে তেজপুৰৰ দক্ষ নাট্যশিল্পী তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে ।উল্লেখ্য যে, বিগত বছৰৰ দৰে এইবাৰো তেজপুৰৰ জে বি প্ৰডাকচনে আয়োজন কৰা পহিলা জানুৱাৰীৰ “নাটকৰ দিন” ৰ এক বিশেষ অনুষ্ঠানত অংশ গ্ৰহণ কৰি নাট্যশিল্পী জিতুমণি দেৱচৌধুৰীয়ে পহিলা জানুৱাৰীৰ দিনটোতে নাট্যশিল্পী সকলক একত্ৰিত কৰি জে বি প্ৰডাকচনৰ সম্পাদিকা বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে প্ৰতিবছৰেই আয়োজন কৰি অহা “নাটকৰ দিন”ৰ অনুষ্ঠানে নাটশিল্প ক্ষেত্ৰখনৰ বাবে এক পৰিৱেশৰ সৃষ্টি কৰি আহিছে।IMG 20230101 WA0155 জে বি প্ৰডাকচনৰ সভাপতি ডাঃ গোপেন্দ্ৰ মোহন দাস, সম্পাদিকা ডাঃ জাহানাৰা বেগম, বিশিষ্ট নৃত্যশিল্পী ৰুবী বৰদলৈ বৰা, নাট্যশিল্পী জিতুমণি দেৱচৌধুৰী, মনোৰঞ্জন মহন্ত, তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মাই, বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱা, অচ্যুত শৰ্মা আদিয়ে বন্তি প্ৰজ্বলন আৰু ধূপ প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে জে বি প্ৰডাকচনৰ সম্পাদিকা ডাঃ জাহানাৰা বেগমে আদৰণী ভাষণ প্ৰদান কৰি “নাটক ৰ দিন”ৰ তাৎপৰ্যপূৰ্ণ ব্যখ্যা কৰি সকলো নাট্যশিল্পীকে আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি নাটকেই আমাৰ জীৱন বুলি মন্তব্য কৰে । ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত জে বি প্ৰডাকচনৰ সভাপতি ডাঃ গোপেন্দ্ৰ মোহন দাসে পৰম্পৰা কেতিয়াও পৰিহাৰ কৰি চলা উচিত নহয় বুলি কৈ এইবাৰ পৰিয়ালৰ ব্যক্তিগত প্ৰতিকুল পৰিস্থিতিৰ বাবে এই আয়োজন থমকি ৰৈছিল যদিও এটা দিনতেই আয়োজন কৰাৰ পিছতো তেজপুৰৰ প্ৰায়সকল নাট্যশিল্পী একত্ৰিত হোৱাতো আশাব্যঞ্জক খবৰ বুলি কয়। অনুষ্ঠানটিত দক্ষ নাট্যশিল্পী বিজয় শংকৰ শইকীয়া আৰু ময়ূৰী দেৱীয়ে প্ৰখ্যাত গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ “সিহঁতেও পাহাৰ বগালে” শীৰ্ষক গল্প নাটকীয় শৈলীত পাঠ কৰি সকলোকে মুগ্ধ কৰাৰ লগতে জনক নাথে এটি বিখ্যাত হিন্দী কবিতা নাটকীয় শৈলীৰেই আবৃত্তি কৰি জীপাল কৰি তোলে।IMG 20230101 WA0152 প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, নাট্যকাৰ – পৰিচালক পুলক কুমাৰ ডেকা, শোণিত জ্যোতি শইকীয়া, অধ্যাপিকা ড° স্বপ্নালী কাকতি, সংগীত শিল্পী সীমান্ত কাকতি, নাট্যশিল্পী উজ্জ্বল শইকীয়া, মুনমী বৰা, শশাংক বৰা, নয়ন প্ৰতীম গগৈ আদি নাট্যশিল্পী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাই হোমেন বৰগোহাঞিৰ “ইস্মাইল চেখৰ সন্ধানত” শীৰ্ষক গল্পটিৰ আধাৰত একক অভিনয় কৰাৰ লগতে বিশিষ্ট নাট্যশিল্পী তথা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়াই “শকুনিৰ প্ৰতিশোধ” নাটকৰ শকুনিৰ সংলাপ আওৰাই অনন্য পৰিৱেশৰ সূচনা কৰে। আনহাতে দিশা শইকীয়াই সৃজনীমূলক নৃত্য পৰিৱেশন কৰা অনুষ্ঠানটিত নাট্যকাৰ – পৰিচালক পুলক কুমাৰ ডেকায়ো চমু ভাষণ প্ৰদান কৰি জে বি প্ৰডাকচনৰ এনে ধাৰাবাহিক প্ৰয়াসৰ শলাগ লয়। প্ৰবীণ অভিনেত্ৰী, কন্ঠশিল্পী কল্পনা কলিতাৰ বনগীতৰ কলি, ময়ূৰ গোপেন্দ্ৰ দাসৰ গীত, ডাঃ জাহানাৰা বেগমৰ নাটকীয় শৈলীত গল্প পাঠ আৰু চেমনীয়া দীপায়ন মহন্তৰ আবৃত্তিৰে সামৰণি পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More