তেজপুৰত পৃথক অভিযানত ড্ৰাগছ আৰু গাঞ্জা জব্দ:মহিলা সহ গ্ৰেপ্তাৰ ছজনক

0 28

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮জানুৱাৰীঃ শোণিতপুৰলৈ নগাঁৱৰ পৰা মাৰাত্মক ড্ৰাগছ আৰু ওদালগুৰিৰ পৰা গাঞ্জাৰ ব্যাপক সৰবৰাহ হৈ থকাৰ বিষয়ে ইতিমধ্যেই আৰক্ষীৰ অভিযানত বাৰম্বাৰ প্ৰতীয়মান হৈছে৷IMG 20230108 WA0053 e1673187702184 আজি তেজপুৰৰ বৰঘাট আৰক্ষীয়ে পৃথকে চলোৱা এনে দুটা অভিযানত ড্ৰাগছৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে একাধিক লোকক গ্ৰেপ্তাৰ কৰিছে বৰঘাট আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ইয়াৰে প্ৰথমটো ঘটনা অনুসৰি আজি দিনত লাভ কৰা তথ্য অনুসৰি বৰঘাট আৰক্ষীয়ে কলীয়াভোমোৰা দলঙৰ সমীপত দিনৰ প্ৰায় ১১-৩০বজাত চলোৱা এক অভিযানত নগাঁৱৰ পৰা তেজপুৰলৈ আহি থকা অৱস্থাত নগাঁও চামগুৰি বগামূৰৰ দুলু মিঞাৰ পুত্ৰ ৰছিদুল হক(২৭)ক ২৪.৫৮গ্ৰাম ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ দুটা চাবোন কেচত এই ড্ৰাগছ লৈ আহিছিল সৰবৰাহকাৰী ৰছিদুলে৷ আৰক্ষীয়ে ইতিমধ্যে ৰছিদুলক গ্ৰেপ্তাৰ কৰি ঘটনাৰ অধিক অনুসন্ধান অব্যাহত ৰাখিছে৷ ইপিনে আনটো ঘটনাৰ বিষয়ে প্ৰকাশ কৰি আৰক্ষীয়ে জানিবলৈ দিয়ে যে আজি দুপৰীয়া আৰক্ষীয়ে সন্দেহজনক অৱস্থাত ওদালগুৰিৰ বাহাৰ আলি,আঞ্চুমা বসুমতাৰী,দিব্যজ্যোতি ৰাভা আৰু ঢেকিয়াজুলিৰ দুমৰলাল পানিকাক কৰায়ত্ত কৰে৷এএছ১২কিউ ৪০২৭নম্বৰ চুইফট বাহনখনত অহা লোককেইজনক আৰক্ষীয়ে জেৰা কৰাত তেওঁলোক গাঞ্জা সৰবৰাহৰ স’তে জড়িত থকাটো নিশ্চিত হয় আৰু এই চাৰিওজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত তেজপুৰৰ গোটলুং নামাপাৰাত আনোৱাৰ হুছেইনৰ বাসগৃহ চৌহদত আজি দিনৰ প্ৰায় ১২-৩০বজাত অভিযান চলাই ২৫.৭৮৬কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে,আনোৱাৰৰ বাসগৃহ চৌহদত গাঁত খান্দি এটা বাকচত চাৰিটা টোপোলাত এই গাঞ্জা লুকুৱাই ৰাখিছিল৷ চৌহদটোত এনেসামগ্ৰী ৰাখিব পৰাকৈ কৰি লোৱা ব্যৱস্থাৰ পৰা এইকথা স্পষ্ট হৈছে যে,আনোৱাৰ আৰু তেওঁৰ পৰিয়াল এনে অবৈধ বেহাৰ স’তে দীৰ্ঘদিন জড়িত হৈ আছে৷ অভিযানত আৰক্ষীয়ে অভিযুক্ত আনোৱাৰৰ পত্নীকো গ্ৰেপ্তাৰ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More