তেজপুৰত প্ৰথমবাৰৰ বাবে “সাহিত্য উৎসৱ – ২০২২” আৰম্ভ

 লেখক-সাহিত্যিকৰ উপস্থিতিৰে উছৱমুখৰ নেৰিয়ালম প্ৰাংগণ

0 28
  • নতুন প্ৰজন্মৰ লেখক সকল বিভিন্ন বিষয়ৰ ধাৰণা অন্বেষী হোৱা উচিত – – ডা০ ধ্ৰুৱজ্যোতি বৰা
  • তেজপুৰ সাহিত্য উৎসৱক জয়পুৰ সাহিত্য উৎসৱৰ লেখিয়াকৈ উন্নীত কৰিবলৈ আহ্বান অইলৰ মুখ্য মহা প্ৰৱন্ধক মাধূৰ্য বৰুৱাৰ
  • অসমৰ নতুন প্ৰজন্মৰ গৱেষক সকলে সাঁচিপাতকে ধৰি নতুন নতুন বিষয়ৰ গৱেষণাত ৰত হোৱাতো আশাব্যঞ্জক খবৰ- অধ্যাপক ৰমেশ ডেকা, উপাচাৰ্য, কটন বিশ্ববিদ্যালয়
  • বিশেষ মত বিনিময় অনুষ্ঠানত মুম্বাইৰ চিনে তাৰকা ৰজত কাপুৰ, প্ৰসিদ্ধ লেখিকা, পদ্মশ্ৰী মামং দাই, মিত্ৰা ফুকন, বিখ্যাত কাৰ্টুনিষ্ট পংকজ থাপা, লেখক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা, লেখক অংকুশ শইকীয়াৰ অংশ গ্ৰহণ

মনোজ কুমাৰ শইকীয়া, তেজপুৰ, ৯ ডিচেম্বৰঃ সাহিত্য ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই ৰাজ্যখনৰ লগতে দেশৰ প্ৰখ্যাত সাহিত্যিকৰ অংশগ্ৰহণেৰে আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেৰিয়ালম চৌহদত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে “তেজপুৰ সাহিত্য উৎসৱ – ২০২২” । প্ৰসিদ্ধ সাহিত্যিক, পদ্মশ্ৰী মামং দাই, মিত্ৰ ফুকন, বিখ্যাত কাৰ্টুনিষ্ট পংকজ থাপা, বিশিষ্ট সাহিত্যিক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা, বিশিষ্ট সাংবাদিক, গল্পকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ, নেৰিয়ালমৰ সঞ্চালক ডঃ প্ৰদীপ বৰা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ডেকাকে ধৰি একাংশ লেখক – সাহিত্যিকৰ উপস্থিতিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছত পৰিৱেশিত হয় উদ্যোক্তা অনুষ্ঠান টেলৰ শীৰ্ষ গীত।IMG 20221209 WA0052 আয়োজক সমিতিৰ উপসভাপতি পংকজ বৰুৱা আৰু অধ্যাপিকা ড০ পল্লৱী ঝাই আঁত ধৰা আৰু আয়োজক সমিতিৰ যুটীয়া সম্পাদিকা ড০ শ্বৰিতা শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত তথা আয়োজক সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰই প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰি তেজপুৰ সাহিত্য উৎসৱক পৰৱৰ্ত্তী সময়ত চৰকাৰী অনুষ্ঠানৰ আওতালৈ আনি অসম প্ৰকাশন পৰিষদৰ জৰিয়তে এই অনুষ্ঠানৰ সৈতে গ্ৰন্থমেলাও চামিল কৰা হ’ব বুলি মন্তব্য কৰি এই তিনিদিনীয়া অনুষ্ঠানত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে। তেজপুৰৰ নৃত্যশালাৰ শিক্ষাৰ্থীসকলে মায়া ৰাণী বৰাৰ পৰিচালনাত আকৰ্ষণীয় ভোৰতাল নৃত্য পৰিৱেশন কৰা, আছামভেলী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সমবেত গীত আৰু নগাঁৱৰ সত্ৰীয়া শিল্পী অনিত্য ভূঞাৰ দলৰ দৃষ্টিনন্দন ভোৰতাল নৃত্যৰে মুখৰিত হোৱা উদ্বোধনী অনুষ্ঠানত সকলো অতিথিকে আয়োজক সমিতিয়ে বিশেষ ভাৱে সন্মান জনোৱা আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাইও শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত মুখ্য অতিথি ডা০ ধ্ৰুৱজ্যোতি বৰাই সাহিত্য উৎসৱৰ মূল বিষয়বস্তু কেনেকুৱা সেই সন্দৰ্ভত আলোকপাত কৰি তেজপুৰত এনে আয়োজনৰ প্ৰশংসা কৰি কয় – সাহিত্য উৎসৱ তেজপুৰত নতুন যদিও বিভিন্ন ঠাইত লেখক – পাঠক সংযোগৰ প্ৰক্ৰিয়া অব্যাহত ৰাখি আৰু নৱপ্ৰজন্মৰ লেখকক উজ্জীৱিত কৰিবলৈ সাহিত্য উৎসৱ অব্যাহত আছে।IMG 20221209 WA0049 লেখক সকলে ইতিহাস পাহৰা উচিত নহয় বুলি কৈ ডা০ বৰাই চীন যুদ্ধৰ মালিতা শীৰ্ষক নিজা সৃষ্ট উপন্যাসৰ কাহিনীৰ অন্তৰাল ব্যখ্যাৰে নতুন প্ৰজন্মৰ লেখক সকলে বিভিন্ন বিষয়ৰ ধাৰণা অন্বেষী হোৱা উচিত বুলি মন্তব্য কৰে। নৱপ্ৰজন্মৰ লেখকক পূৰ্বৱৰ্তী লেখকৰ সৈতে সংযোগ ঘটাবলৈ সাহিত্য উৎসৱৰ লেখিয়া অনুষ্ঠানৰ অতি জৰুৰী বুলিও কয় ডা০ বৰাই । আনহাতে অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি ভাৰতীয় তেল নিগমৰ মুখ্য মহা প্ৰৱন্ধক মাধূৰ্য বৰুৱাই জয়পুৰ সাহিত্য উৎসৱৰ প্ৰসংগৰ উল্লেখেৰে তেজপুৰ সাহিত্য উৎসৱকো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা উচিত বুলি মন্তব্য কৰাৰ উপৰি তেজপুৰ সাহিত্য উৎসৱে সেই সম্ভাৱনাৰ বাট উন্মোচিত কৰাৰ আশা প্ৰকাশ কৰে। উল্লেখ্য যে, তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু একাংশ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা উদ্বোধনী অনুষ্ঠানতে সাহিত্য উৎসৱৰ বিশেষ বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ডেকাই অসমৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ৰাধিকাৰাম ঢেকিয়াল ফুকনৰ প্ৰসংগ উত্থাপনেৰে অসমৰ গৱেষক সকলে সাঁচিপাত সংৰক্ষণকে ধৰি বিভিন্ন বিষয়ৰ নতুন নতুন গৱেষণা বাট মুকলি কৰিছে বুলি কয়। ইয়াৰ উপৰি বিয়লিৰ ভাগত “চেলেঞ্জিং কনফাৰমেশ্যন বায়াছ :ব্লাৰিং বাউণ্ডেৰীজ” শীৰ্ষক বিষয়ত প্ৰসিদ্ধ লেখিকা মিত্ৰা ফুকন, অধ্যাপক তথা জাৰ্নেল সিং আনন্দ, পদ্মশ্ৰী তথা স্বনামধন্য লেখিকা মামং দাই, বিশিষ্ট গদ্য শিল্পী তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা আৰু লেখক অংকুশ শইকীয়াই পেনেল ডিছকাছনত অংশ গ্ৰহণ কৰে ।আনহাতে ইয়াৰ পিছতেই বিশিষ্ট সাংবাদিক” জাৰিৰ হুছেইন ইন কনভাৰচেছন উইথ চিনে এক্টৰ ৰজত কাপুৰ “শীৰ্ষক অৰ্থাৎ ৰজত কাপুৰৰ সৈতে হোৱা কথোপকথনৰ অনুষ্ঠানে ৰাইজক আকৃষ্ট কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More